Rupaliparda.com
আছিম ৰিয়াজৰ সৈতে কাম কৰিবলৈ পাই উৎসাহিত জেকুলিনোঃ 1

আছিম ৰিয়াজৰ সৈতে কাম কৰিবলৈ পাই উৎসাহিত জেকুলিনোঃ

বিগ বছ ১৩ ৰ ৰাণাৰ আপ আছিম ৰিয়াজে শ্ব’টোৰ পৰা ওলাই অহা পিছতেই তেওঁ লাভ কৰিলে এক ডাঙৰ প্ৰজেক্ট। বি-টাউন অভিনেত্ৰী জেকুলিনৰ সৈতে টি-চিৰিজৰ মিউজিক ভিডিঅ’ দেখিবলৈ পোৱা যাব আছিম ৰিয়াজক। তনিস্ক বাগছীৰ কথা তথা কম্পোজ কৰা এই গীতটিত জেকুলিনৰ সৈতে অভিনয় কৰিবলৈ পাই উৎসাহিত হৈ পৰিছে আছিম। চচিয়েল মিডিয়াত বিভিন্ন ফটো আপলোড কৰা দেখিবলৈ পোৱা গৈছে তেওঁক। আছিমৰ সমান্তৰালকৈ অভিনেত্ৰী গৰাকীয়েও নিজ কথা ব্যক্ত কৰি কয় যে তেওঁ নিজেও আছিমৰ সৈতে কাম কৰিবলৈ পাই উৎসাহিত।

আছিম ৰিয়াজৰ সৈতে কাম কৰিবলৈ পাই উৎসাহিত জেকুলিনোঃ 2
আছিম ৰিয়াজৰ সৈতে কাম কৰিবলৈ পাই উৎসাহিত জেকুলিনোঃ 3


সোনকালে এই ভিডিঅ’টিক দৰ্শকৰ ওচৰলৈ অনাৰ ইচ্ছা প্ৰকাশ কৰে অভিনেত্ৰী গৰাকীয়ে। ২০২০ বৰ্ষৰ এই “পাৰ্টি চং” টোৰ পিছত আছিমক দেখিবলৈ পোৱা যাব জনপ্ৰিয় ৰেপাৰ বোহেমিয়াৰ সৈতে। ছলমান খানৰ সৈতেও আছিমে এখন ছবিত কাম কৰাৰ কথা শুনিবলৈ পোৱা গৈছিল কিন্তু ইয়াৰ বৰ্তমানলৈ ঘোষণা কৰা হোৱা নাই।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.