Rupaliparda.com
অসুস্থ হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গঃ কেওঁফালে আশু আৰোগ্য কামনা জনসাধাৰণৰ- 1

অসুস্থ হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গঃ কেওঁফালে আশু আৰোগ্য কামনা জনসাধাৰণৰ-

“প্ৰজেক্ট বৰগীত” ৰ মুক্তিৰ অনুষ্ঠানত উপস্থিত জুবিন গাৰ্গ অনুষ্ঠানৰ মাজতেই হঠাৎ অসুস্থ হৈ পৰিছিল। অনুষ্ঠানৰ মাজতেই মজিয়াত ঢলি পৰিছিল হাৰ্টথ্ৰৱ গৰাকী। গুৱাহাটীস্থিত নেমকেয়াৰ হাস্পাতালত ভৰ্তি কৰোৱা জুবিন গাৰ্গক লৈ চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমবাসীক। যিয়ে যেনেদৰে পাৰে প্ৰাৰ্থনা জনাইছে নেদেখা জনক লগতে চচিয়েল মিডিয়াত কন্ঠশিল্পী গৰাকীৰ আশু আৰোগ্য কামনা কৰি ষ্টেটাছ দিছে বহুজনে। সাধাৰণ জনৰ লগতে বৰ্তমান জুবিন গাৰ্গৰ এই অৱস্থাত দুঃখিত হোৱাৰ সমান্তৰালকৈ তেওঁক সুস্থ হৈ উঠাৰ বাবে চিলেব্ৰেটী সমূহেও কৰিছে বিনতি।

অসুস্থ হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গঃ কেওঁফালে আশু আৰোগ্য কামনা জনসাধাৰণৰ- 2

বৰ্ণালী, বাবুকে আদি কৰি দীপলিনাই তথা অতুল বৰাকে ধৰি কেইবাগৰাকী মন্ত্ৰীয়েও জুবিন গাৰ্গৰ চচিয়েল মিডিয়াত কৰা পোষ্ট যোগে আশু আৰোগ্য কামনা কৰে। উল্লেখ্য যে, ১২ জন চিকিৎসকৰ নিৰীক্ষণত বৰ্তমান হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। আগন্তুক ২-৩ দিনলৈ হাস্পাতালতেই তেওঁক ৰখাৰ সিদ্ধান্ত দিয়ে চিকিৎসক সকলে। উল্লেখ্য যে, জুবিন গাৰ্গৰ অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে অহা কেইদিনমানলৈ তেওঁৰ কাৰ্যসূচী সমূহ বাতিল কৰা হৈছে।

অসুস্থ হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গঃ কেওঁফালে আশু আৰোগ্য কামনা জনসাধাৰণৰ- 3
অসুস্থ হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গঃ কেওঁফালে আশু আৰোগ্য কামনা জনসাধাৰণৰ- 4
অসুস্থ হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গঃ কেওঁফালে আশু আৰোগ্য কামনা জনসাধাৰণৰ- 5
অসুস্থ হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গঃ কেওঁফালে আশু আৰোগ্য কামনা জনসাধাৰণৰ- 6
অসুস্থ হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গঃ কেওঁফালে আশু আৰোগ্য কামনা জনসাধাৰণৰ- 7

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.