Rupaliparda.com
"প্ৰজেক্ট বৰগীত" ৰ মুক্তিত গৌৰম্বান্বিত অসমীয়াঃ 1

“প্ৰজেক্ট বৰগীত” ৰ মুক্তিত গৌৰম্বান্বিত অসমীয়াঃ

অৱশেষত মুক্তি লাভ কৰিলে অনুৰাগ শইকীয়াৰ সপোন “প্ৰজেক্ট বৰগীত”। বিগত বহু দিনৰ পৰাই অসমীয়াক উৎসাহিত কৰি ৰখা অনুৰাগৰ এই প্ৰকল্পটোৱে এতিয়া বহুল হাৰত লাভ কৰিছে দৰ্শকৰ সমাদৰ। ৫-৬ শ বছৰ পূৰণি বৰগীতক পুনৰ বাৰ ব্যতিক্ৰমী ৰূপত জীৱন্ত কৰি তোলাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত “বৰগীত” ক প্ৰতিষ্ঠিত কৰাত গৌৰম্বান্বিত প্ৰত্যেকজন অসমীয়া। “আৰে কম্পিত” বৰগীতটিক শ্ৰোতাই শুনাৰ লগতে গীতটিত দেখিবলৈ পাব বিভিন্ন সত্ৰ ও আভাস পাব অসমীয়া সংস্কৃতিৰ।

"প্ৰজেক্ট বৰগীত" ৰ মুক্তিত গৌৰম্বান্বিত অসমীয়াঃ 2


বিগত বৰ্ষৰ এপ্ৰিলৰ ৬ তাৰিখে মেছিডোনিয়াৰ ফেম প্ৰজেক্ট অৰ্কেষ্ট্ৰেল মিউজিক ৰেকৰ্ডিং ষ্টুডিঅ’ত বৰগীতটিৰ বাণীবন্ধনৰ কাম সম্পূৰ্ণ কৰা হৈছিল। কোনো ফিউজন প্ৰদান নকৰি ইয়াক কেৱল মাত্ৰ ওৱেষ্টাৰ্ন ক্লাছিকৰ সৈতে সংলগ্ন কৰা হৈছে। অনুৰাগ শইকীয়াৰ পৰিচালনাত সৃষ্ট এই প্ৰকল্পটিত বিশ্বৰ বিভিন্ন ঠাইৰ ৮০ শৰাকী সংগীত শিল্পীৰ লগতে অংশগ্ৰহণ কৰে ১৫ গৰাকী কলা-কুশলীয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.