Rupaliparda.com
সুবাসনা-নিলোৎপলৰ যুঁটিৰে বৃহৎ প্ৰকল্পঃ 1

সুবাসনা-নিলোৎপলৰ যুঁটিৰে বৃহৎ প্ৰকল্পঃ

অসমৰ সংগীত ক্ষেত্ৰখনৰ দুগৰাকী প্ৰতিষ্ঠিত কন্ঠশিল্পী। দুয়োয়ে কন্ঠদান কৰা গীত সমূহৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ তেওঁলোকৰ অনুৰাগীৰ সংখ্যাও হৈছে লেখত ল’বলগীয়া। এই শিল্পী দুগৰাকী হৈছে ক্ৰমে সুবাসনা দত্ত আৰু নিলোৎপল বৰা। সৰুৰ পৰাই মঞ্চত গীত পৰিৱেশন কৰি অহা সুবাসনাই প্ৰফেচনেলি গীত গোৱাৰ সুবিধা লাভ কৰিছিল মুনীন বৰুৱাৰ ছবি “ৰং” ৰ দ্বাৰা। হাৰ্টথ্ৰৱ জুবিন গাৰ্গে তেওঁক আমন্ত্ৰণ কৰিছিল ছবিখনৰ গীতত কন্ঠদান কৰিবলৈ; আনহানে, বৰ্তমান ৰাষ্ট্ৰীয় ক্ষেত্ৰতো নিজৰ নাম জিলিকোৱা নীলোৎপল বৰাৰ “মাজুলী” শীৰ্ষক গীতটিয়ে আছিল তেওঁৰ সংগীত জীৱনৰ কেন্দ্ৰবিন্দু।

সুবাসনা-নিলোৎপলৰ যুঁটিৰে বৃহৎ প্ৰকল্পঃ 2
সুবাসনা-নিলোৎপলৰ যুঁটিৰে বৃহৎ প্ৰকল্পঃ 3


উক্ত গীতটি ভাইৰেল হোৱাৰ উপৰিও সেই গীতটিৰ পৰাই নীলোৎপলৰ অনুৰাগীৰ সংখ্যা বৃদ্ধি পাইছিল। এতিয়া, এই সুবাসনা-নীলোৎপলৰ যুঁটিটোক যদি দৰ্শকে একেলগে চোৱাৰ সুবিধা লাভ কৰে তেনেহ’লে ইয়াতকৈ আৰু আনন্দৰ কথা কি হ’ব পাৰে? গতিকে আপোনালোকক জনাই থওঁ যে, উক্ত দুয়োগৰাকীৰ একেলগে হয়টো আহিব পাৰে এক ডাঙৰ প্ৰকল্প। বৰ্তমানলৈ এই প্ৰকল্প অৰ্থাৎ “প্ৰজেক্টটোৰ” আনুষ্ঠানিক ঘোষণা হোৱা নাই যদিও কিছু তথ্যৰ ভিত্তিত গম পোৱা গৈছে যে, সুবাসনা-নিলোৎপলৰ এই যুঁটিটোৰ সৈতে এই প্ৰকল্পটোত জড়িত হ’ব পাৰে আন কেইবাগৰাকীও জনপ্ৰিয় শিল্পীৰ নাম। এতিয়া আগন্তুক সময়তহে বুজিব পৰা যাব আছলতে এই প্ৰকল্পটো হ’ব কি?

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.