আপোনালোকৰ বাৰু “মল্লিকা বৰুৱা” ক মনত আছেনে? অসমীয়া ধাৰাবাহিক সমূহৰ নিগেটিভ চৰিত্ৰবোৰৰ ভিতৰত এটা উল্লেখনীয় নিগেটিভ চৰিত্ৰ আছিল মল্লিকা বৰুৱাৰ। প্ৰেমত প্ৰতাৰণা সহ্য কৰিব নোৱাৰি নিজ প্ৰেমিকৰেই হত্যা কৰি পেলাইছিল এই মল্লিকাই। কিন্তু আজি আমি মল্লিকা নহয়; আপোনালোকক জনাম মল্লিকাৰ চৰিত্ৰটি ৰূপায়ন কৰা অভিনেত্ৰী কৰৱী শৰ্মাই কি কৰি আছে বৰ্তমান। ইখনৰ পিছত সিখন ধাৰাবাহিকত কৰা অভিনয় যোগে ক্ৰমাৎ জনপ্ৰিয় হৈ পৰা এটা নাম হৈছে কৰৱী শৰ্মা। কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈয়ে অভিনয় জগতত নামি পৰিছিল তেওঁ।


“তোমাৰ মৰমে মোক” ধাৰাবাহিকখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰা পিছত তেওঁৰ অনুৰাগীৰ সংখ্যা এতিয়া লেখত ল’বলগীয়া। কৰৱীক আকৌ এবাৰ টেলিভিছন পৰ্দাত চাবলৈ উৎসাহিত হৈ আছে তেওঁৰ অনুৰাগী সকল। কিছুদিন পূৰ্বে সফল সমাপ্তি ঘটা উক্ত ধাৰাবাহিকখনৰ পিছত চচিয়েল মিডিয়াত দেখিবলৈ পোৱা গ’ল তেওঁৰ এক নিউ লুক। “কাউ গাৰ্ল” থীম লৈ কৰা ফটোশ্বুট টোৱে দৃষ্টি আকৰ্ষণ কৰিছে কৰৱীৰ অনুৰাগীৰ। খঙাল “মল্লিকা” ক নতুন ৰূপত দেখিবলৈ পাই অনুৰাগীয়ে কমেন্টো কৰা দেখিবলৈ পোৱা গ’ল তেওঁৰ ফটোখনত।
কিছু ব্যক্তিগত কাৰণত কোনো ডাঙৰ প্ৰজেক্ট হাতত লোৱা নাই যদিও অতি সোনকালে তেওঁ অনুৰাগীৰ মাজলৈ আহিব বুলি আশ্বাস দিয়ে।
Add comment