Rupaliparda.com
নেমকেয়াৰ চিকিৎসালয়ৰ কেবিনত জুবিনৰ বাবে বিশেষ ষ্টুডিঅ স্থাপন : সুস্থ হৈ তাৰ পৰাই ৰাইজক দিব প্ৰথমতো উপহাৰঃ 1

নেমকেয়াৰ চিকিৎসালয়ৰ কেবিনত জুবিনৰ বাবে বিশেষ ষ্টুডিঅ স্থাপন : সুস্থ হৈ তাৰ পৰাই ৰাইজক দিব প্ৰথমতো উপহাৰঃ

আইচিইউ পৰা আজি কেবিনলৈ অনা হয় শিল্পী জুবিন গাৰ্গক। যোৱা শুক্ৰবাৰৰ সন্ধিয়াৰ পৰা নেমকেয়াৰ হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ থকা শিল্পী গৰাকী ক্ৰমাৎ সুস্থ হোৱাত মংগলবাৰে আইচিইউৰ পৰা কেবিন লৈ অনা কথা জানিবলৈ দিয়ে চিকিৎসালয় কৰ্তৃপক্ষই।
উল্লেখ্য যে চিকিৎসালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি বন্ধ কক্ষত অস্বস্তি অনুভৱ কৰিছে জুবিনে আৰু সেইবাবেই চিকিৎসালয়ৰ কেবিনতে এটা অস্থায়ী ষ্টুডিঅ কৰাৰ পৰিকল্পনা কৰিছে জুবিনে। এই কেবিন কক্ষৰ পৰাই শিল্পী গৰাকীয়ে ৰাজ্যবাসীৰ বাবে নতুন সৃষ্টি আগবঢ়াব বিচাৰিছে।

নেমকেয়াৰ চিকিৎসালয়ৰ কেবিনত জুবিনৰ বাবে বিশেষ ষ্টুডিঅ স্থাপন : সুস্থ হৈ তাৰ পৰাই ৰাইজক দিব প্ৰথমতো উপহাৰঃ 2
নেমকেয়াৰ চিকিৎসালয়ৰ কেবিনত জুবিনৰ বাবে বিশেষ ষ্টুডিঅ স্থাপন : সুস্থ হৈ তাৰ পৰাই ৰাইজক দিব প্ৰথমতো উপহাৰঃ 3


এনেপৰিপ্ৰেক্ষিততে, জুবিনৰ ইচ্ছাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসালয় কৰ্তৃপক্ষই জুবিনক তেওঁ থকা বিশেষ কেবিনটোতে এটা ষ্টুডিঅৰ ব্যৱস্থা কৰি দিছে বুলি জানিবলৈ দিয়ে নেমকেয়াৰ হস্পিতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই। বৰুৱাই প্ৰকাশ কৰা অনুসৰি সুস্থ হৈ জুবিনে প্ৰথম সৃষ্টি নেমকেয়াৰ কক্ষৰ পৰাই ৰাইজক দিব। আনহাতে আগন্তক ৰঙালী বিহুত জুবিনক দুপৰ ৰাতি অনুষ্ঠান পৰিৱেশনৰ বাবে নিমন্ত্ৰণ নকৰিবলৈয়ো ডাঃ হিতেশ বৰুৱাই ৰাইজৰ আগত আহ্বান জনায়।

Source: https://assamtimespost.com/?p=15698

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.