Rupaliparda.com
৪-৫ দিনৰ শ্বুটিঙৰ বাবদ ছলমান খানে লাভ কৰিলে ২৮-৩৫ কোটি টকাঃ 1

৪-৫ দিনৰ শ্বুটিঙৰ বাবদ ছলমান খানে লাভ কৰিলে ২৮-৩৫ কোটি টকাঃ

বলীউড ক্ষেত্ৰখনৰ এক জনপ্ৰিয় নাম হৈছে ছলমান খান। তেওঁৰ চিনেমা ও তেওঁৰ কথা তথা কৰ্ম প্ৰত্যেক দিনাই চৰ্চিত হৈ থাকে। তাৰকা গৰাকীৰ এনে জনপ্ৰিয়তাৰ ফলতেই প্ৰত্যেকটো ব্ৰেণ্ডে নিজৰ নামৰ সৈতে তেওঁৰ নাম সাঙুৰিবলৈ বিচাৰে। এক খবৰ অনুসৰি, ছলমান খানক এইবাৰ এক স্মাৰ্টফোন কোম্পানীয়ে এম্বেছাদৰ ৰূপে গ্ৰহণ কৰিছে য’ত ছলমান খানেও ইতিমধ্যে সন্মতি প্ৰদান কৰিছে। উক্ত ব্ৰেণ্ডটোৰ বাবে শ্বুটিং কৰা হৈছে ব্ৰান্দ্ৰা স্থিত মহবুব ষ্টুডিঅ’ ত। ইয়াৰ ৪-৫ দিন শ্বুটিং ৰ বাবে প্ৰত্যেকটো দিনত তাৰকা গৰাকীক দিয়া হৈছে ৭ কোটিকৈ টকা। অৰ্থাৎ এই ব্ৰেণ্ডটোৰ পৰা ছলমান খানে প্ৰায়ে ২৮-৩৫ কোটি টকা লাভ কৰিছে।

৪-৫ দিনৰ শ্বুটিঙৰ বাবদ ছলমান খানে লাভ কৰিলে ২৮-৩৫ কোটি টকাঃ 2
৪-৫ দিনৰ শ্বুটিঙৰ বাবদ ছলমান খানে লাভ কৰিলে ২৮-৩৫ কোটি টকাঃ 3


উল্লেখ্য যে, ছলমান বৰ্তমান ব্যস্ত তেওঁৰ আহিবলগীয়া ছবি “ৰাধে” ক লৈ। এই ছবিখনত আকৌ এবাৰ আৰক্ষী চৰিত্ৰত দেখিবলৈ পোৱা যাব ছলমান খানক। একচন আৰু ড্ৰামা সমৃদ্ধ “ৰাধে” ছবিখন পৰিচালনা কৰিছে প্ৰভূদেৱাই। এই ছবিখনত ফিট গাৰ্ল দিশা পাটানীকো দেখিবলৈ পোৱা যাব। ছলমানৰ এই ছবিখন অক্ষয় কুমাৰৰ ছবি “লক্ষ্মী বোম্ব” ৰ সৈতে একেলগে মুক্তি লাভ কৰিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.