Rupaliparda.com
নিৰীহ লোকক সহায়ৰ হাত কন্ঠশিল্পী বাবুৰঃ সংগীতৰ সমানে দেখুৱাইছে সামাজিক দায়বদ্ধতা- 1

নিৰীহ লোকক সহায়ৰ হাত কন্ঠশিল্পী বাবুৰঃ সংগীতৰ সমানে দেখুৱাইছে সামাজিক দায়বদ্ধতা-

কন্ঠশিল্পী বাবুৰ উল্লেখনীয় পদক্ষেপ। সংগীতৰ লগতে জনসাধাৰণক সহায়ৰ হাত আগবঢ়াইছে জনপ্ৰিয় কন্ঠশিল্পী বাবুয়ে। এজন শিল্পী নিজ কৰ্মৰ প্ৰতি যিমান উসৰ্গিত; ঠিক সেইটো পৰিমাণেৰে সমাজ সংস্কাৰৰ কামতো নিমজ্জিত হোৱাতো দৰকাৰ। কিয়নো এগৰাকী জনপ্ৰিয় শিল্পীৰ মুখেৰে ওলোৱা কিছু গুৰুত্বপূৰ্ণ কথা প্ৰভাৱশালী হ’ব পাৰে সাধাৰণ জনৰ জীৱনত। এই কথাখিনিকেই লৈ বাবুয়ে আৰম্ভ কৰিছে এক অভিযান। সমাগত ৰঙালী বিহুত গীত পৰিৱেশন কৰাৰ লগতে নিৰীহ লোকৰ সহায় কৰা কাৰ্যসূচীও হাতত লৈছে এই গৰাকী কন্ঠশিল্পীয়ে।

https://www.instagram.com/p/B9UIG97DIFt/?utm_source=ig_web_copy_link
View this post on Instagram

আপোনালোক সমূহ অসমবাসী ৰাইজক প্ৰথমেই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো মোৰ প্ৰচেষ্টা #its_possible_save_a_life ইমান ধুনিয়াকৈ আপোনালোকে সহাঁৰি জনোৱাৰ বাবে। মোৰ সৃষ্টি তথা অনুষ্ঠান বোৰৰ ব্যস্ততাৰ মাজতো যিমানলৈ পাৰো এই প্ৰচেষ্টাৰেই বহু আৰ্তলোকক বহু বছৰ ধৰি সহায় কৰি আহিছো। ঠিক তেনেকৈয়ে যোৱাবছৰৰ দৰেই এইবছৰো মই আগন্তুক ৰঙালী বিহুৰ অনুস্থান পৰিবেশনৰ মাজতে নিৰিহ ৰোগীসকলক প্ৰয়োজনীয় ঔষধসমূহ বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা এই প্ৰচেষ্টাৰ দ্বাৰা হাতত লৈছো। অইন অইন বেলিৰ দৰেই অনাগত প্ৰতিটো দিনতেই সমূহ অসমবাসী ৰাইজৰ আৰ্শীবাদ তথা সহায় সহযোগ কামনা কৰিছো। যাতে আপোনালোকৰ সহায়ৰ জৰিয়তে নিৰিহ ৰোগীসকলৰ জীৱন বচাব পাৰো। এই প্ৰচেষ্টাৰে ঔষধ সমূহ কিদৰে নিৰিহলোক সকলক দিয়া হব, তাৰ বিষয়ে সকলো আগলৈ বিতং ভাবে জনাম মই লাইভৰ জৰিয়তে।

A post shared by Babu Baruah (@babu_baruah_official) on


“Its Possible save a life” নামেৰে আৰম্ভ হোৱা এই কাৰ্যসূচীত কন্ঠশিল্পী বাবুয়ে যিসমূহ নিৰীহ লোক; তেওঁলোকক ঔষধ প্ৰদান কৰিব। তেওঁৰ এই পদক্ষেপক বৰ্তমান সঁহাৰি জনোৱাৰ উপৰিও তেওঁৰ এই কাৰ্যসূচীক প্ৰশংসাও কৰিছে বহুলোককে। বিগত দিনৰ পৰা কন্ঠশিল্পী গৰাকীয়ে উক্ত বিষয়টোৰ বিষয়ে দৰ্শকক জনাইছিল যদিও পুনৰ বাৰ চচিয়েল মিডিয়া যোগে তেওঁ এই কথাৰ জাননী দিয়ে। ইয়াৰ লগতে, শিল্পী গৰাকীয়ে জনসাধাৰণ পৰাও সহযোগ বিচাৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform