Rupaliparda.com
ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ অন্যতম ছবিঃ "সাৰথি"- 1

ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ অন্যতম ছবিঃ “সাৰথি”-

১৯৯১ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবি হৈছে “সাৰথি”। ছবিখনৰ কাহিনী, চিত্ৰনাট্য, প্ৰযোজনা তথা পৰিচালনাৰ দায়িত্বত আছিল ড° ভৱেন্দ্ৰ নাথ শইকীয়া। এগৰাকী চৰকাৰী কৰ্মচাৰী নিৰঞ্জন দত্তই বহু বছৰ ধৰি চাকৰি কৰি থকা পিছত তেওঁ নিজ পৰিয়ালটোৰ বাবে এটা ঘৰ নিৰ্মাণ কৰে। কিন্তু ঘৰটো নিৰ্মাণ কৰি থকা সময়ছোৱাত তেওঁৰ কামক লৈ পত্নী, ল’ৰা, ছোৱালীয়ে কোনো জনেই গুৰুত্ব প্ৰদান কৰা নাছিল। নিৰঞ্জনৰ ঘৰৰ প্ৰত্যেকজন সদস্যই নিজ নিজ কৰ্মব্যস্ততাৰে ঘূৰি ফুৰিছিল।

ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ অন্যতম ছবিঃ "সাৰথি"- 2


নিৰঞ্জনে পৰিয়ালটোৰ বাবে ইমানখিনি কৰি থকা স্বত্বেও যেতিয়া তেওঁলৈ কোনো গুৰুত্ব দিয়া নাছিল। তেতিয়া তেওঁৰ দুখ লাগি পূৰ্বৰ বান্ধৱী নিৰ্মলাক মনত পেলাই অতীত ৰোমন্থন কৰিছিল। এয়াই হৈছে ছবিখনৰ কাহিনীভাগ।

ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ অন্যতম ছবিঃ "সাৰথি"- 3


অৰুণ নাথ, মৃদুলা বৰুৱাকে আদি কৰি এই ছবিখনত অভিনয় কৰিছিল বিদ্যা ৰাও, ড° হেমেন বৰ্মণ, জয়ন্ত দাস, মিন্টু বৰুৱা আৰু মৌচুমী কাঠকটীয়াই। ছবিখনে ৩৯ তম ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত আঞ্চলিক ভাষাৰ ছবি শিতানত “ৰজত কমল” বঁটা লাভ কৰিছিল। ইয়াৰ লগতে, ড° ভৱেন্দ্ৰ নাথ শইকীয়ালৈ প্ৰযোজক ৰূপে ২০ হাজাৰ টকা আৰু পৰিচালক ৰূপে তেওঁ লাভ ১০ হাজাৰকৈ টকা।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.