ছবি ক্ষেত্ৰখনত অভিনেত্ৰী ৰূপে নিজক প্ৰতিষ্ঠিত কৰিবলৈ এজনী ছোৱালীৰ নিজ মুখ মণ্ডলৰ পৰা আদি কৰি ফিগাৰ তথা প্ৰায় আটাইবোৰ বস্তুৱেই উত্তম হোৱাৰ প্ৰয়োজন। বৰ্তমান এই কথাবোৰৰ কিছু সাল সলনি ঘটিছে যদিও বলীউড অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ সময়ছোৱাত হয়টো এনে নাছিল। “আলাদিন” ছবিখনৰ পৰা নিজ কেৰিয়াৰ আৰম্ভ কৰা এই গৰাকী অভিনেত্ৰীয়ে হিন্দী ছবিৰ নায়িকা হ’বলৈ বিচৰাত তেওঁক বিভিন্ন পৰামৰ্শ দিয়া হৈছিল। এক সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত অভিনেত্ৰী গৰাকীয়ে এই কথাসমূহ খুলি কয়।


২০০৬ চনত শ্ৰীলংকাৰ পৰা ভাৰতলৈ অহাৰ সময়ত জেকলিন যেতিয়া অভিনেত্ৰী হ’বলৈ খুজিছিল তেতিয়া তেওঁক কোনো লোকে যদি নাকৰ চাৰ্জাৰী কৰাৰ পৰামৰ্শ দিছিল তাতেই আকৌ কোনো লোকে তেওঁক “আইব্ৰো” কলা কৰিবলৈ কৈছিল। আনহাতে, কোনোৱেটো জেকলিনক নিজৰ নাম সলনি কৰি “মুস্কান” ৰখাৰো পৰামৰ্শ দিছিল। এই কথাসমূহ খুলি ব্যক্ত কৰাৰ লগতে অভিনেত্ৰী গৰাকীয়ে কয় যে, “আমাৰ এই ক্ষেত্ৰখনত বিদেশী শিল্পীক উপলুঙাও কৰা হয়।” তেওঁক এবাৰ এক দিৱালী অনুষ্ঠানত নিজৰ বন্ধু বৰ্গৰ মাজৰে কোনোৱে উপেক্ষা কৰিছিল; য’ত তেওঁ দুখ পাইছিল।
Add comment