Rupaliparda.com
"মই ৰাজনীতিৰ মানুহ নহয়"- জাহ্নু বৰুৱা 1

“মই ৰাজনীতিৰ মানুহ নহয়”- জাহ্নু বৰুৱা

বিগত বহু দিন ধৰি নাগৰিকত্ব সংশোধনী আইন চমুকৈ “কা” ক লৈ বিভিন্ন ঠাইত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছিল। এই প্ৰতিবাদী কাৰ্যসূচীত সাধাৰণ জনৰ লগতেই অংশগ্ৰহণ কৰিছিল অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমূহ শিল্পীয়ে। বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰে নিজ কথা ব্যক্ত কৰিছিল এওঁলোকে। এনে পৰিপ্ৰেক্ষিততেই, অসমৰ বিখ্যাত পৰিচালক জাহ্নু বৰুৱাইও ব্যতিক্ৰমী ভাৱে “কা” ৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছিল। অসমীয়া প্ৰায় কেইবাখনো ছবিৰ নিৰ্মাতা জাহ্নু বৰুৱাই তেওঁৰ দ্বাৰা নিৰ্মিত ছবি “ভগা খিৰিকী” ক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ পৰা আঁতৰাই দিছিল।

"মই ৰাজনীতিৰ মানুহ নহয়"- জাহ্নু বৰুৱা 2


কিন্তু, অসমৰ বিৰোধী পক্ষৰ দলসমূহে ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে জাহ্নু বৰুৱাৰ নামটো লৈছে বুলি জানিবলৈ পাই জাহ্নু বৰুৱাই স্পষ্টীকৰণ দাঙি কৰে। তেওঁ কয় যে, “কোনো লোকে কৈছে যে ৰাজ্য সভাৰ প্ৰাৰ্থী হিচাপে মোৰ নামটো দিবলৈ মই হেনো নিজেই ইচ্ছা প্ৰকাশ কৰিছো। কিন্তু ই একেবাৰেই অসত্য; মোৰ কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থী হোৱা ইচ্ছা কেতিয়াও নাই। বৰঞ্চ এই কথাখিনি শুনি মই দুখ পাইছো।”

"মই ৰাজনীতিৰ মানুহ নহয়"- জাহ্নু বৰুৱা 3


উক্ত কথাখিনিৰ লগতে জাহ্নু বৰুৱাই কয় যে তেওঁ কোনো ৰাজনীতি কৰা মানুহ নহয় গতিকে আগন্তুক সময়ত যাতে তেওঁৰ নামটো এনে বিষয়ত আজুৰি নানে। এক ভিডিঅ’ যোগে এই কথাখিনি ব্যক্ত কৰিছিল পৰিচালক গৰাকীয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.