Rupaliparda.com
ক'ৰোনা ভাইৰাছৰ ফলত বাতিল ফেশ্বন শ্ব' ও "iifa Award" 1

ক’ৰোনা ভাইৰাছৰ ফলত বাতিল ফেশ্বন শ্ব’ ও “iifa Award”

ক’ৰোনা ভাইৰাছে সমগ্ৰ দেশতেই এক প্ৰকাৰৰ ভয়ৰ সৃষ্টি কৰি পেলাইছে। বৰ্তমানলৈ ক’ৰোনা ভাইৰাছৰ বহু তথ্য সমুখলৈ অহা দেখিবলৈ পোৱা গৈছে। এনে পৰিস্থিতিৰ ফলতেই সাধাৰণ শ্ৰেণীৰ জনসাধাৰণৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনেও ইয়াৰ পৰা বাছি থাকিবলৈ বিভিন্ন উপায় অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে। ডাঙৰতকৈ ডাঙৰ অনুষ্ঠান সমূূহ বাতিল কৰা হৈছে ক’ৰোনা ভাইৰাছৰ বাবে। উল্লেখ্য যে, উক্ত ভাইৰাছৰ বাবে দুটা ডাঙৰ অনুষ্ঠানৰ তাৰিখ পিছুৱাই দিয়া খবৰ ইতিমধ্যে জানিব পৰা গৈছে।

FDCI য়ে চচিয়েল মিডিয়াত এক পোষ্ট যোগে জনায় যে, মাৰ্চত অনুষ্ঠিত হ’বলগীয়া “Lotus Makeup India Fashion Week” পিছুৱাই দিয়া হৈছে। দিল্লীত ক’ৰোনা ভাইৰাছৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ লগতে অনুষ্ঠানত উপস্থিত থাকিব লগীয়া আলহী দৰ্শকবোৰৰ সুৰক্ষাৰ প্ৰতি লক্ষা ৰাখি এই অনুষ্ঠান পিছুৱাই দিয়া হয়।


ইয়াৰ লগতে, ভূটানত অনুষ্ঠিত হ’বলগীয়া “iifa award” ৰ তাৰিখো এই ক’ৰোনা ভাইৰাছৰ ফলত আগবঢ়াই দিয়া হয়। এনে খবৰ সমূহে দৰ্শকক হতাশা প্ৰদান কৰে যদিও সাম্প্ৰতিক সময়ৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি এনে পদক্ষেপ হাতত ল’বলগীয়া হৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform