Rupaliparda.com
নগাওঁ জুবিন ফেন ক্লাৱে হাৰ্টথ্ৰৱ গৰাকীলৈ যাঁচিলে শুভকামনাঃ 1

নগাওঁ জুবিন ফেন ক্লাৱে হাৰ্টথ্ৰৱ গৰাকীলৈ যাঁচিলে শুভকামনাঃ

কিছুদিন পূৰ্বে এক অনুষ্ঠানৰ মাজতেই অসুস্থ হৈ পৰিছিল যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গ। অসুস্থাতাৰ বাবে তেওঁক নেমকেয়াৰ হাস্পাতালত ভৰ্তি কৰোৱাৰ পিছতেই জুবিনক কেইদিনমান জিৰণিৰ প্ৰয়োজন বুলিও নেমকেয়াৰ হাস্পাতালৰ চিকিৎসকে জনাইছিল। ক্ৰমাৎ সুস্থ হৈছে যদিও জুবিন গাৰ্গৰ আৰোগ্য কামনা কৰি বিভিন্ন জনে বিভিন্ন ধৰণে প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে। ইয়াৰ উপৰিও, কন্ঠশিল্পী গৰাকীৰ প্ৰতি লক্ষ্য ৰাখি নেমকেয়াৰ কৰ্তৃপক্ষই ইতিমধ্যে জুবিন গাৰ্গৰ বাবে এক অস্থায়ী ষ্টুডিঅ’ৰ ব্যৱস্থা কৰি দিছে।

নগাওঁ জুবিন ফেন ক্লাৱে হাৰ্টথ্ৰৱ গৰাকীলৈ যাঁচিলে শুভকামনাঃ 2
নগাওঁ জুবিন ফেন ক্লাৱে হাৰ্টথ্ৰৱ গৰাকীলৈ যাঁচিলে শুভকামনাঃ 3
নগাওঁ জুবিন ফেন ক্লাৱে হাৰ্টথ্ৰৱ গৰাকীলৈ যাঁচিলে শুভকামনাঃ 4


জুবিন গাৰ্গৰ আশু আৰোগ্য কামনা কৰি এইবাৰ নগাওঁৰ জুবিন গাৰ্গ ফেন ক্লাৱে হাৰ্টথ্ৰৱ গৰাকীলৈ যাঁচিলে “Best Wishes”। এখন বোৰ্ডত বিভিন্ন মেছেজেৰে জুবিনৰ অনুৰাগীয়ে তেওঁলৈ যাঁচিলে শুভকামনা। নগাওঁস্থিত এ.ডি.পি কলেজ আৰু নগাঁও গাৰ্লছ কলেজৰ সমূহ শিক্ষাৰ্থীয়ে জুবিন গাৰ্গলৈ শুভেচ্ছা জনোৱাৰ লগতে এ.ডি.পি কলেজৰ অধ্যক্ষ গৰাকীও বোৰ্ডত এটি মেছেজৰ সৈতে জুবিন গাৰ্গৰ সুস্থ স্বাস্থ্য কামনা কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.