সাংবাদিকতাৰ ক্ষেত্ৰখনৰ বিভিন্ন দিশ আজুৰি অসমৰ এগৰাকী জনপ্ৰিয় পৰিচালক প্ৰদ্যুত কুমাৰ ডেকাৰ পৰিচালনাৰে আহি আছে এখন নতুন অসমীয়া ছবি “চিঁয়াহীৰ ৰং”। সাংবাদিক জিতুমণি বৰাৰ একে নামৰ উপন্যাসখনৰ ভিত্তিতেই নিৰ্মাণ কৰা হৈছে এই ছবিখন। মিডিয়া হাউচৰ ভিতৰত চলা ষড়যন্ত্ৰকে আদি কৰি বিভিন্ন সময়ত সাংবাদিক এজনে সন্মুখীন হ’বলগীয়া কিছু পৰিস্থিতিক বাখ্যা কৰি লিখা এই উপন্যাস খনৰ আধাৰতেই নিৰ্মাণ কৰা হৈছে এই ছবিখন। “ধুনীয়া তিৰোতাবোৰ”, “সমীৰণ বৰুৱা আহি আছে” “সূৰ্য্যাস্ত” তথা “বৰশী” ৰ পিছত প্ৰদ্যুত কুমাৰ ডেকাৰ দ্বাৰা শেহতীয়াকৈ নিৰ্মিত এই ছবিখনক লৈ এতিয়া উৎসাহী অসমীয়া চলচিত্ৰ প্ৰেমী ৰাইজ। যোৱা ২২ ফেব্ৰুৱাৰী তাৰিখে জ্যোতি চিত্ৰৱনৰ ষ্টুডিঅ’ত ছবিখনৰ ডাবিঙৰ কাম সম্পূৰ্ণ হৈ যায়।



ৰ’জী বৰাৰ দ্বাৰা প্ৰযোজিত উক্ত ছবিখনত সংলাপ দিছে “চিঁয়াহীৰ ৰং” উপন্যাস খনৰ স্ৰষ্টা জিতুমণি বৰাই। চলিত বৰ্ষৰ ডিচেম্বৰ মাহত মুক্তি পাবলগীয়া এই ছবিখনত মূখ্য ভূমিকা ৰূপায়ন কৰিছে অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই। ইয়াৰ লগতে, ছবিখনত আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিৱছে তৌফিক ৰহমান, অলক নাথ, বিদ্যুৎ কুমাৰ ভূঞা, মেল’ডী পাটগিৰী, দেৱিকা প্ৰিয়ম, মৃদুপৱন দত্ত, পাৰ্থপ্ৰতিম বৰা, দৃষ্টি নয়না দাস, হেমচন্দ্ৰ পাঠক, মুকুট নাথ আৰু শিশু শিল্পী ৰাগিনী বৰাই।
Add comment