Rupaliparda.com
আকৌ এবাৰ ৰোমান্টিক গীতৰ সৈতে প্ৰিয়ংকা ভৰালীঃ চলি আছে শ্বুটিং- 1

আকৌ এবাৰ ৰোমান্টিক গীতৰ সৈতে প্ৰিয়ংকা ভৰালীঃ চলি আছে শ্বুটিং-

প্ৰিয়ংকা ভৰালীৰ অনুৰাগীলৈ সুখবৰ। যোৱা বহু সময়ৰ অন্তত আকৌ এবাৰ প্ৰিয়ংকা ভৰালীৰ কন্ঠৰে আহি আছে এটা ৰোমান্টিক গীত “এবাৰ চোৱানা”। ২০০৯ চনত মুক্তিপ্ৰাপ্ত “জানমণি” ভিচিডি ত অন্তৰ্ভূক্ত গীত “কাহিলী পুৱাতে জান ঐ” ৰ দ্বাৰা অসমীয়া সংগীত ক্ষেত্ৰখনত নামি পৰা প্ৰিয়ংকা ভৰালীয়ে এটি দুটিকৈ প্ৰায় কেইবাটাও জনপ্ৰিয় গীতৰ উপহাৰ অসমবাসীক দিছে।

আকৌ এবাৰ ৰোমান্টিক গীতৰ সৈতে প্ৰিয়ংকা ভৰালীঃ চলি আছে শ্বুটিং- 2
আকৌ এবাৰ ৰোমান্টিক গীতৰ সৈতে প্ৰিয়ংকা ভৰালীঃ চলি আছে শ্বুটিং- 3


“অকুৱা পকুৱা”, “হেভি হেণ্ডচাম”, টেক্সি গাড়ী” লৈ ইত্যাদি ইউটিউব চেনেলত মুক্তিপ্ৰাপ্ত গীতবোৰত ভিউৱাৰচৰ সংখ্যাই আছলতে বুজাই দিয়ে প্ৰিয়ংকা ভৰালীৰ অনুৰাগীৰ দীঘলীয়া লিষ্ট। উল্লেখ্য যে,প্ৰিয়ংকাৰ আহিবলগীয়া এই ৰোমান্টিক গীতটিৰ বাবে ইতিমধ্যে শ্বুটিং কৰি থকা হৈছে। গীতটি লিখিছে কল্লোল কাশ্যপ মহন্তই আৰু ইয়াত সংগীত দিছে ত্ৰিয়ন মহন্তই। গীতটি কম্পোজ কৰিছে ৰোহিত সোনাৰে লগতে গীতটিৰ ভিডিঅ’ পৰিচালনা তিৰাপ সীমান্ত মেধিৰ। আনহাতে, গীতটিৰ ভিডিঅ’ ত প্ৰিয়ংকা ভৰালীৰ সৈতে অভিনয় কৰিছে প্ৰশান্ত তিৱাৰীয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.