Rupaliparda.com
নিজাববীয়াকৈ প্ৰথম প্ৰডাকচন হাউচ খুলি লোৱা অসমীয়া অভিনেত্ৰী "জেৰিফা ৱাহিদ"- 1

নিজাববীয়াকৈ প্ৰথম প্ৰডাকচন হাউচ খুলি লোৱা অসমীয়া অভিনেত্ৰী “জেৰিফা ৱাহিদ”-

অসমৰ জনপ্ৰিয় অভিনেত্ৰী সমূহৰ ভিতৰত এগৰাকী হৈছে জেৰিফা ৱাহিদ। ১৯৯০ চনত মুক্তিপ্ৰাপ্ত ছবি “অভিমান” ৰ দ্বাৰা অভিনয় জীৱনৰ পাতনি মেলা এই অভিনেত্ৰী গৰাকী স্কুল গৈ থকাৰ পৰাই জড়িত হৈছিল অভিনয়ৰ সৈতে। সেইটো সময়তে তেওঁ কেইবাখনো ছবি ক্ৰমে, “অগ্নিগড়”, “অতিক্ৰম” আদিত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল। কেইবাখনো অসমীয়া ছবি, ধাৰাবাহিক আৰু মিউজিক এলবামত অভিনীত জেৰিফাই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল “তুমি মোৰ মাথো মোৰ” ছবিখনৰ পৰা। জুবিন গাৰ্গৰ সৈতে উক্ত ছবিখনত জেৰিফাই মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল।

নিজাববীয়াকৈ প্ৰথম প্ৰডাকচন হাউচ খুলি লোৱা অসমীয়া অভিনেত্ৰী "জেৰিফা ৱাহিদ"- 2
নিজাববীয়াকৈ প্ৰথম প্ৰডাকচন হাউচ খুলি লোৱা অসমীয়া অভিনেত্ৰী "জেৰিফা ৱাহিদ"- 3
নিজাববীয়াকৈ প্ৰথম প্ৰডাকচন হাউচ খুলি লোৱা অসমীয়া অভিনেত্ৰী "জেৰিফা ৱাহিদ"- 4


যদুমণি দত্তৰ দ্বাৰা পৰিচালিত “অগ্নিসাক্ষী” ছবিখনৰ বাবে জেৰিফা ৱাহিদে অসম চৰকাৰৰ ৰাজ্যিক চলচিত্ৰ বঁটাত মূখ্য ভূমিকাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰাৰ লগতে “দুৱাৰ” ছবিখনৰ বাবে তেওঁ লাভ কৰিছিল “প্ৰথম পূব ফিল্মফেয়াৰ এৱাৰ্ড ২০১৪” ৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা। জেৰিফা ৱাহিদ হৈছে প্ৰথম গৰাকী অসমীয়া অভিনেত্ৰী যিয়ে নিজাববীয়াকৈ প্ৰডাকচন হাউচ; নাম “জেৰিফা ৱাহিদ প্ৰডাকচনচ” খুলিছিল। জেৰিফা ৱাহিদে বিভিন্ন ছবি তথা ভিচিডি আদিত অভিনয় কৰাৰ উপৰিও থিয়েটাৰ সমূহতো সক্ৰিয় ৰূপে অভিনয় কৰিছিল। সমাজৰ বিভিন্ন কাৰ্য-কলাপতো বৰ্তমান অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায় এই গৰাকী অভিনেত্ৰী জেৰিফা ৱাহিদক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform