Rupaliparda.com
১ কোটি টকাৰ বাজেটেৰে লণ্ডনত শ্বুটিং সম্পন্ন হোৱা অসমীয়া ছবি "অহিৰ ভৈৰৱ"- 1

১ কোটি টকাৰ বাজেটেৰে লণ্ডনত শ্বুটিং সম্পন্ন হোৱা অসমীয়া ছবি “অহিৰ ভৈৰৱ”-

২০০৭ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবি হৈছে “অহিৰ ভৈৰৱ”। ১ কোটি টকাতকৈ অধিক বাজেটেৰে নিৰ্মিত এই ছবিখন সম্পূৰ্ণৰূপে শ্বুটিং কৰা হৈছিল লণ্ডনত। ড° ৰণেন শৰ্মাৰ প্ৰযোজনাৰে তথা শিৱপ্ৰসাদ ঠাকুৰৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ কাহিনী আছিল পংকজ ঠাকুৰৰ। উল্লেখ্য যে, শিৱ প্ৰসাদ ঠাকুৰে ২০০৮ চনৰ নিউইয়ৰ্ক ইণ্ডিপেণ্ডেন্ট ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেলৰ আন্তঃৰাষ্ট্ৰীয় শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে।

১ কোটি টকাৰ বাজেটেৰে লণ্ডনত শ্বুটিং সম্পন্ন হোৱা অসমীয়া ছবি "অহিৰ ভৈৰৱ"- 2


“অহিৰ ভৈৰৱ” ত ছিজ’ফ্ৰেনিয়া ৰোগত আক্ৰান্ত এগৰাকী মহিলাৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছিল। নায়িকা গৰাকীৰ উক্ত বেমাৰটোৰ ফলত তেওঁৰ কন্যা আৰু পৰিয়ালৰ সকলোৱে তেওঁক কেনেদৰে ব্যৱহাৰ কৰে তাকেই দেখুওৱা হৈছে ছবিখনত। মুঠতে ক’বলৈ গ’লে, ছিজফ্ৰোনিয়া ৰোগীৰ মানসিক অৱস্থাক বৰ্ণনা কৰা হৈছে “অহিৰ ভৈৰৱ” ত।

১ কোটি টকাৰ বাজেটেৰে লণ্ডনত শ্বুটিং সম্পন্ন হোৱা অসমীয়া ছবি "অহিৰ ভৈৰৱ"- 3


ছবিখনত অভিনয় কৰিছে পূৰবী শৰ্মা,জেৰিফা ৱাহিদ, কপিল বৰা, বিদ্যুৎ চক্ৰৱৰ্তী, মৃদুলা বৰুৱা, মাধুৰীমা চৌধুৰী, ইলোৰা বৰুৱা, গীতা লহকৰ, মুনমী চক্ৰৱৰ্তী, কিৰিপ চলিহা, অবনী বৰা, শিৱ প্ৰসাদ ঠাকুৰ আৰু এলেক্স নাইটে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.