বৰ্তমান ভাৰত ভ্ৰমণত ব্যস্ত ইংলেণ্ডৰ পূৰ্ব কেপ্তেইন। ইংৰাজী ৱেবচাইট “কোইমোই” ৰ তথ্যনুসৰি ক্ৰিকেটৰ কেবিন অসমৰ নেশ্বনেল জিঅ’গ্ৰাফীৰ এখন ডকুমেন্ট্ৰী “Save The Rhino” ৰ শ্বুটিঙত ব্যস্ত হৈ আছে। ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমি কেবিন অলপ দিন আগতে কাজিৰঙা নেছনেল পাৰ্কত উপস্থিত হৈছিল।


উক্ত বেৱচাইটোৰ মতে, কেবিনে ডকুমেন্ট্ৰী খনত ভাৰতত গড়ৰ স্থিতি পৰ্যালোচনা কৰাৰ লগতে জীৱ-জন্তুৰ প্ৰতি সচেতনতা বৃদ্ধিৰ বাবে গৱেষণা কৰাও দেখিবলৈ পোৱা যাব। কেবিন পীটাৰসনৰ উপৰিও গ্ৰীম স্মিথ আৰু মেট ৰাইটৱেও পূৰ্বতে গঁড় ভিত্তিক ডকুমেন্ট্ৰীত অংশগ্ৰহণ কৰিছিল।
Add comment