Rupaliparda.com
"লখিমী" য়ে আনিছে BUMPER OFFERঃ গীতত কন্ঠদান কৰি লাভ কৰক সুন্দৰ সুযোগ- 1

“লখিমী” য়ে আনিছে BUMPER OFFERঃ গীতত কন্ঠদান কৰি লাভ কৰক সুন্দৰ সুযোগ-

আগন্তুক বহু প্ৰত্যাশিত অসমীয়া ছবি “লখিমী” ক লৈ এতিয়া প্ৰস্তুতি তুংগত। কেইবাখনো অসমীয়া হিট ছবি দিয়া পিছত বিশ্বজিৎ বৰাৰ শেহতীয়াকৈ নিৰ্মিত এই ছবিখনক লৈ উৎসাহিত বহু দৰ্শক। টিজাৰ তথা দুটিকৈ গীত ক্ৰমে “লখিমী” আৰু “অগ্নিশিখা” ৰ মুক্তিৰ পিছত চলিত মাহৰ ১৩ তাৰিখে মুক্তি লাভ কৰিব ছবিখনৰ ট্ৰেইলাৰ। মহেশ চিৰলাৰৰ প্ৰযোজনাৰে নিৰ্মিত ছবিখনে এতিয়া দৰ্শকৰ বাবে আনিছে এক ডাঙৰ অফাৰ।

"লখিমী" য়ে আনিছে BUMPER OFFERঃ গীতত কন্ঠদান কৰি লাভ কৰক সুন্দৰ সুযোগ- 2

বিগত দিনত মুক্তিপ্ৰাপ্ত “লখিমী” ছবিখনৰ যিকোনো দুটা গীতৰ এটাত আপোনালোকৰ কন্ঠৰে কন্ঠদান কৰি হোৱাটছ ছাপত পঠিয়াই দিয়ক। ইয়াৰ ভিতৰত যি দুগৰাকীয়ে গীতটি সুন্দৰকৈ গাব পাৰিব তেওঁলোকে লাভ কৰিব “লখিমী” টীমৰ তৰফৰ পৰা এক অফাৰ। গীত পঠিৱাবলৈ দিয়া হোৱাটচ আপ নম্বৰটো হ’লঃ 7002283270

"লখিমী" য়ে আনিছে BUMPER OFFERঃ গীতত কন্ঠদান কৰি লাভ কৰক সুন্দৰ সুযোগ- 3
"লখিমী" য়ে আনিছে BUMPER OFFERঃ গীতত কন্ঠদান কৰি লাভ কৰক সুন্দৰ সুযোগ- 4

কন্ঠদান কৰি বিজয়ী প্ৰাৰ্থী দুগৰাকীয়ে লাভ কৰিব ক্ৰমেঃ
১. প্ৰথম গৰাকী বিজয়ী প্ৰাৰ্থীয়ে “লখিমী” ৰ প্ৰিমিয়াৰ শ্ব’ উপভোগ কৰাৰ লগতে লাভ কৰিব “লখিমী” টিমৰ সৈতে ৰাতিৰ আহাৰ খোৱাৰ সুবিধা।

২. আনহাতে, দ্বিতীয় বিজয়ী প্ৰাৰ্থীয়ে লাভ কৰিব তেওঁলোকৰ দ্বিতীয় ছবিখনৰ শ্বুটিং চোৱাৰ সুবিধা লগতে “লখিমী” ছবিখনৰ কৰ্মকতাৰ সৈতে দুপৰীয়াৰ আহাৰ খোৱাৰ সুবিধা।

"লখিমী" য়ে আনিছে BUMPER OFFERঃ গীতত কন্ঠদান কৰি লাভ কৰক সুন্দৰ সুযোগ- 5

ইয়াৰ উপৰিও,কন্ঠদান কৰা প্ৰতিযোগী সকলৰ ভিতৰত যি গৰাকীৰ কন্ঠই পৰিচালকক আকৰ্ষিত কৰিব পাৰে তেতিয়াহ’লে তেওঁ পাব দ্বিতীয়খন ছবিত কন্ঠদান কৰাৰ সুযোগ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.