Rupaliparda.com
বলীউডৰ কন্ঠশিল্পী আৰমান মালিকে কৰিলে অনুৰাগ শইকীয়াৰ প্ৰশংসাঃ কৰিলে "আৰে কম্পিত" ক লৈ টুইট- 1

বলীউডৰ কন্ঠশিল্পী আৰমান মালিকে কৰিলে অনুৰাগ শইকীয়াৰ প্ৰশংসাঃ কৰিলে “আৰে কম্পিত” ক লৈ টুইট-

ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰিছে অনুৰাগ শইকীয়াৰ “প্ৰজেক্ট বৰগীত”। কিছুদিন পূৰ্বে অনুৰাগ শইকীয়াই ৫০০ বছৰ পূৰণি “আৰে কম্পিত” বৰগীতটিক নতুন ৰূপত উপস্থাপন কৰি মুক্তি দিছিল। মুক্তিৰ পিছতেই তেওঁৰ এই পদক্ষেপক সঁহাৰি জনোৱা দেখিবলৈ পোৱা গৈছিল প্ৰায় প্ৰত্যেকজন অসমীয়াক। এনেতে, অনুৰাগ শইকীয়াৰ উক্ত প্ৰকল্পটোক এতিয়া প্ৰশংসা কৰিছে বলীউডৰ প্ৰতিষ্ঠিত ও জনপ্ৰিয় কন্ঠশিল্পী আৰমান মালিকে। কন্ঠশিল্পী গৰাকীয়ে টুইট যোগে বৰগীতটিৰ নতুন সংস্কৰণটোক প্ৰশংসা কৰাৰ উপৰিও ইয়াক শ্বেয়াৰ কৰিবলৈ কয় কন্ঠশিল্পী আৰমানে।


বিভিন্ন সত্ৰ ও সংস্কৃতিৰ আভাষ লাভ কৰিব পৰা এই বৰগীতটিত ৮০ গৰাকী সংগীত শিল্পীৰ লগতে ১৫ গৰাকী কলা-কুশলীয়ে অংশগ্ৰহণ কৰিছিল। মেছিডোনিয়াৰ ফেম প্ৰজেক্ট অৰ্কেষ্ট্ৰেল মিউজিক ৰেকৰ্ডিং ষ্টুডিঅ’ ত বাণীবন্ধনৰ কাম হোৱা বৰগীতটিৰ বৰ্তমান ইউটিউবত ভিউৱাৰচৰ সংখ্যা হৈছে প্ৰায় ১লাখ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform