চেঞ্চৰ বোৰ্ডৰ গ্ৰীণ চিগনেলৰ পিছত এতিয়া প্ৰচাৰ তুংগত উঠিছে আগন্তুক ছবি “গৰু” ৰ। ২৪ জানুৱাৰীৰ সলনি চলিত বৰ্ষৰ ১ মে’ তাৰিখে মুক্তি পাবলগীয়া “গৰু” ছবিখন মুক্তি লাভ কৰিব মুঠ ১০০০ হাজাৰটা দৰ্শনীৰে। অসমৰ চুকে-কোণে থকা দৰ্শক সকলেও উপভোগ কৰাৰ সুযোগ লাভ কৰিব হিমাংশু প্ৰসাদ পৰিচালনাৰে নিৰ্মিত উক্ত ছবিখন। চিত্ৰগৃহত যিটো সময়ত গুৱাহাটী তথা আন ঠাইৰ দৰ্শকে ছবিখন চাবলৈ সুযোগ পাব ঠিক একে সময়তে এই ছবিখন উপভোগ কৰিবলৈ পাব কোনো ভিতৰুৱা গাঁৱৰ এজন দৰ্শকেও। এনে ব্যতিক্ৰমী চিন্তা লৈ আগবঢ়া “গৰু” ক লৈ বৰ্তমান উৎসাহী চলচিত্ৰ প্ৰেমী ৰাইজ। ইয়াৰ লগতে আপুনিও যদি আপোনাৰ ঠাইত এই ছবিখন চাব বিচাৰিছে তেনেহ’লে তলত দিয়া নম্বৰত ফোন কৰি আপোনাৰ ঠাইৰ সৱিশেষ জনাই ছবিখন আপোনালোকৰ ঠাইলৈ লৈ যাব পাৰে। নম্বৰ কেইটা ক্ৰমেঃ 7002510976, 7002238896


হাস্যমধুৰ কাহিনীৰে নিৰ্মিত এই ছবিখন চাহাজাহনৰ একে নামৰ উপন্যাসৰ পৰা তুলি অনা। ইতিমধ্যে ছবিখনত অন্তৰ্ভূক্ত গীত সমূহ ইউটিউব যোগে মুক্তি লাভ কৰিছে। গীতসমূহত জুবিন গাৰ্গ,অংগৰাগ (পাপন), দীক্ষু, নীল আকাশকে ধৰি কন্ঠদান কৰিছে তৰালী শৰ্মা আৰু দীপলিনা ডেকাইও। ছবিখনৰ বিভিন্ন চৰিত্ৰ ৰূপায়ন কৰিছে বাহাৰুল ইছলাম, অৰুণ নাথ, প্ৰাঞ্জল শইকীয়া, পাকিজা বেগম,চন্দন দাস, কমল লোচন আৰু লনিশ্ৰী দাসে।
1 comment