চলিত বৰ্ষত মুক্তিপাবলগীয়া ছবি সমূহৰ ভিতৰত আকৌ এখন ন-ছবিৰ সংযোজন ঘটিছে। অলপতে শুভ মহুৰত হৈ যোৱা এই ছবিখনৰ নাম হৈছে “দাদা তুমি দুষ্ট বৰ”। কে.এম প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ পৰিচালনা আৰু কাহিনী হৈছে সমীৰ বুঢ়াগোহাঁইৰ। ইতিমধ্যে কেইবাখনো অসমীয়া ছবিৰ কৰিঅ’গ্ৰাফাৰৰ দায়িত্বত থকা সমীৰ বুঢ়াগোঁহাইৰ এইখনেই হৈছে তেওঁৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি। সৰুৰ পৰাই সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত কে.এম.ৰহমানৰ প্ৰযোজনাৰে নিৰ্মাণ কৰা হৈছে এই ছবিখন। বৰ্তমান তেওঁ ইটানগৰৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়।

“কইনা মোৰ ধুনীয়া” ছবিখনৰ পৰা আৰম্ভ কৰি হিয়াৰ দাপোনত তোমাৰেই ছবি, কাদম্বৰী, সৰু বোৱাৰী, ককা দেউতাৰ ঘৰ জোঁৱাই ইত্যাদি প্ৰায় ২০ খনতকৈও অধিক ছবিৰ কৰিঅ’গ্ৰাফাৰৰ দায়িত্বত থকা সমীৰ বুঢ়াগোঁহাইয়ে “জীৱন বাটৰ লগৰী” ছবিখনৰ বাবে ৰাজ্যিক চলচিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। জনপ্ৰিয় অসমীয়া ছবি “৩১ জুন” তথা “হিয়া দিয়া নিয়া” আৰু “মন যায়” ত অভিনীত অভিনেতা ও প্ৰযোজক পংকজ মহন্তৰ নিবেদনত নিৰ্মিত “দাদা তুমি দুষ্ট বৰ” ছবিখনত মূখ্য সহকাৰী পৰিচালক ৰূপে কাম কৰিছে লোহিত দত্ত আৰু সহকাৰী পৰিচালকৰ দায়িত্ব আছে মৃণাল ডেকা।


নৱ প্ৰজন্মৰ সোঁৱাদৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ হ’বলগীয়া “দাদা তুমি দুষ্ট বৰ” ছবিখনৰ কাহিনীভাগ হ’ব ৰোমাণ্টিক-কমেডী ধৰ্মী। চলিত মাহৰ ১২ তাৰিখৰ পৰা চতিয়া, জামুগুৰিহাট, বিশ্বনাথ চাৰিআলি আদি ঠাইত এই ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হ’ব। ছবিখনৰ প্ৰযোজনা নিয়ন্ত্ৰকৰ দায়িত্ব আছে দেৱজিৎ সেনাপতি লগতে ছবিখনৰ সম্পাদনা কৰিব অসীম শৰ্মাই। আনহাতে, জুবিন গাৰ্গ, নীল আকাশকে ধৰি দীক্ষু, গায়ত্ৰী হাজৰিকা তথা চয়নিকা ভূঞাই ছবিখনৰ অন্তৰ্ভূক্ত গীতত কন্ঠদান কৰিছে আৰু ইয়াত সংগীত পৰিচালনা কৰিছে আলাপ দুদুল শইকীয়াই।

কিশোৰ দাস আৰু আলিস্মিতা গোস্বামীয়ে উক্ত ছবিখনত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছে। লগতে, ছবিখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে তনভী শৰ্মা, অৰূপ বৰা, পংকজ ইংতি, ৰিমঝিম শৰ্মা, অপৰ্ণা চৌধুৰী, জ্যোতি ভূঞা, দেৱানন্দ শইকীয়া, বিষ্ণু খাৰঘৰীয়াৰ লগতে আন কেইবাজনো ন-পূৰণি শিল্পীয়ে।
Add comment