Rupaliparda.com
সুধাকন্ঠৰ জীৱন-কাহিনীৰে আহি আছে অসমীয়া ছবি "যাযাবৰ- দা লিজেণ্ড"- 1

সুধাকন্ঠৰ জীৱন-কাহিনীৰে আহি আছে অসমীয়া ছবি “যাযাবৰ- দা লিজেণ্ড”-

সুধাকন্ঠ ড° ভূপেন হাজৰিকা; যাৰ কেৱল মাত্ৰ নামটোৱেই হৈছে যথেষ্ট। তেওঁৰ কন্ঠকে ধৰি তেওঁৰ প্ৰত্যেকটো সৃষ্টিক লৈয়ে গৌৰম্বান্বিত প্ৰত্যেকজন অসমীয়া। অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনত ড° ভূপেন হাজৰিকা হৈছে এনে এটা নাম; যাৰ বিষয়ে জানিবলৈ প্ৰত্যেকটো প্ৰজন্মৰ লোকেই বিচাৰে। গতিকে, এনে পৰিপ্ৰেক্ষিততে এইবাৰ সুধাকন্ঠ ড° ভূপেন হাজৰিকাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰি থকা হৈছে এখন ছবি “যাযাবৰ-দা লিজেণ্ড”। ছবিখনৰ চিত্ৰনাট্য, সংলাপৰ লগতে ইয়াৰ পৰিচালনাৰ দায়িত্বত আছে কন্ঠশিল্পী ও নিৰ্মাতা সদানন্দ গগৈ। এ.এম টেলিভিছনৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছে সঞ্জীৱ নাৰায়াণে।

https://www.instagram.com/p/B4fFbSzBFnX/?utm_source=ig_web_copy_link
সুধাকন্ঠৰ জীৱন-কাহিনীৰে আহি আছে অসমীয়া ছবি "যাযাবৰ- দা লিজেণ্ড"- 2


সুধাকন্ঠ গৰাকীৰ শিক্ষা জীৱনকে আদি কৰি তেওঁৰ সৃষ্টি তথা তেওঁ য’ত গৈছিল,যি কৰিছিল সেই আটাইবোৰ বস্তুকেই উপস্থাপন কৰা হ’ব এই ছবিখনত। ২০২০ চনত মুক্তিপাবলগীয়া এই ছবিখনত অভিনয় কৰিছে চেতনা দাস, আইমী বৰুৱা, কিশোৰ চৌধুৰী, মনোজ কুমাৰ দাস, এনিশা শৰ্মা, নন্দিনী কাশ্যপ, ৰূপম বৰুৱা, দেৱজিৎ হাজৰিকা, ৰাজশ্ৰী আগৰৱাল, সমীৰণ পোদ্দাৰ, কবিতা দুৱৰা, ৰূপম অনুৰাগ, ৰূপজ্যোতি দাস, জুলী লহকৰ, প্ৰশান্ত দাস, গৌতম পাঠক, অঞ্জন জ্যোতি বওজ, স্পেইনী, শ্ৰেয়াছ মল্ল বুজৰবৰুৱা আৰু ৰাজদ্বীপে। ছবিখনৰ শ্বুটিং সময়ছোৱাৰ এখন ফটো কিছুদিন পূৰ্বে আইমী বৰুৱাই নিজ ইনষ্টাগ্ৰামৰ আপলোড কৰিছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.