দেশ স্বাধীনৰ পিছত মুক্তি প্ৰাপ্ত এখন অসমীয়া ছবি হৈছে “বিপ্লৱী”। ১৯৫০ চনত মুক্তিপ্ৰাপ্ত এই ছবিখন অসিত সেনৰ দ্বাৰা পৰিচালিত প্ৰথমখন অসমীয়া ছবি। অসিত সেন পিছলৈ বাংলা আৰু হিন্দী ছবিৰ পৰিচালক ৰূপে খ্যাতি লাভ কৰে। বাংলা ছবি ক্ৰমে চলাচল, পঞ্চতপা, জীৱন-তৃষ্ণা তথা হিন্দী ছবি “মমতা, বিৰাজ বহু আদিৰ পৰিচালক হৈছে অসিত সেন। ১৯৪২ চনৰ গণ আন্দোলনৰ পটভূমিত নিৰ্মাণ কৰা হৈছিল “বিপ্লৱী” ছবিখন। নিজ দেশৰ বাবে আত্মত্যাগ কৰা এগৰাকী বিপ্লৱীৰ জীৱন কাহিনীৰে নিৰ্মাণ কৰা হৈছে উক্ত ছবিখন।


“বিপ্লৱী” ছবিখনত অভিনয় কৰিছে জগতচন্দ্ৰ বেজবৰুৱা, চন্দ্ৰকান্ত ফুকন, সাৰদাকান্ত বৰদলৈ, অনুপমা ভট্টাচাৰ্য্য, শিৱপ্ৰসাদ ভট্টাচাৰ্য্য, সন্ধ্যা দেৱী আৰু চামচুল হুদাই। আনহাতে, ছবিখনত অন্তৰ্ভূক্ত তিনিটা গীতৰ দুটাত কন্ঠদান কৰিছিল ড° ভূপেন হাজৰিকাই; লগতে আন এটি গীতত কন্ঠদান কৰে শিৱপ্ৰসাদ ভট্টাচাৰ্য্যই।
Add comment