Rupaliparda.com
তীব্ৰ গতিত চলিছে "বাঘী ৩" ৰ বাবে "এডভান্স বুকিং"- 1

তীব্ৰ গতিত চলিছে “বাঘী ৩” ৰ বাবে “এডভান্স বুকিং”-

বিগত বহু সময়ৰ পৰা টাইগাৰ শ্ৰফৰ বহু প্ৰত্যাশিত ছবি “বাঘী ৩” ৰ বাবে অপেক্ষা কৰিছে বহু দৰ্শকে। এই অপেক্ষাৰ সাম কাটি কিছুদিন পূৰ্বে মুক্তি কৰি দিয়া হৈছিল ছবিখনৰ ট্ৰেইলাৰ। একচনেৰে ভৰপূৰ এই “বাঘী ৩” ছবিখন মুক্তি লাভ কৰিব চলিত মাহৰ ৬ মাৰ্চ তাৰিখে। যদিও এই ছবিখন মুক্তি পাবলৈ কিছু সময় বাকী, তাৰ পিছতো এই ছবিখনৰ জনপ্ৰিয়তা মন কৰিবলগীয়া। উল্লেখ্য যে, ছবিখনৰ বাবে অন লাইন বুকিং ব্যৱস্থা খুলি দিয়া পিছৰে পৰা বহুল হাৰত দৰ্শকে নিজৰ নামত কৰিছে “বাঘী ৩” ৰ বাবে টিকট।

তীব্ৰ গতিত চলিছে "বাঘী ৩" ৰ বাবে "এডভান্স বুকিং"- 2


বস্ক অফিচ ইণ্ডিয়া ডট কমৰ তথ্য অনুসৰি যেতিয়াৰ পৰাই ছবিখনৰ বাবে আগতীয়া বুকিঙৰ ব্যৱস্থা কৰা হৈছিল তেতিয়াৰ পৰাই দৰ্শকৰ ভাল সঁহাৰি লাভ কৰা হৈছে। কিন্তু, ভাল “এডভান্স বুকিং” হোৱা স্বত্বেও ছবিখনৰ প্ৰথমটো দিনৰ লাভ ইমান বেছি নহ’ব পাৰে বুলি প্ৰকাশ কৰে বস্ক অফিচ ইণ্ডিয়াই। যিটো লাভ পাইছিল টাইগাৰ শ্ৰফৰ পূৰ্ব অভিনীত “বাঘী ২” য়ে। দিশা পাটানী আৰু টাইগাৰ শ্ৰফ অভিনীত “বাঘী ২” য়ে প্ৰথমটো দিনত লাভ কৰিছিল ২৫ কোটি টকা।

তীব্ৰ গতিত চলিছে "বাঘী ৩" ৰ বাবে "এডভান্স বুকিং"- 3
তীব্ৰ গতিত চলিছে "বাঘী ৩" ৰ বাবে "এডভান্স বুকিং"- 4


এহমেদ খানৰ দ্বাৰা পৰিচালিত এই ছবিখনত টাইগাৰ শ্ৰফৰ উপৰিও অভিনয় কৰিছে ঋতেশ দেশমুখ, শ্ৰদ্ধা কাপুৰ আৰু অংকিতা লোখাণ্ডে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.