Rupaliparda.com
৭০ কেজিৰ পৰা ২ মাহৰ ভিতৰত কংগনাই কমাব লাগিব ২০ কেজি ওজনঃ 1

৭০ কেজিৰ পৰা ২ মাহৰ ভিতৰত কংগনাই কমাব লাগিব ২০ কেজি ওজনঃ

বলীউড অভিনেত্ৰী কংগনা ৰাণাওঁটক আগন্তুক ছবি “থলাইবী” ত দেখিবলৈ পোৱা যাব; য’ত তেওঁ ৰূপায়ন কৰিছে তামিলনাডুৰ পূৰ্ব মূখ্যমন্ত্ৰী জয়ললিতাৰ চৰিত্ৰ। ইতিমধ্যে মুক্তিপ্ৰাপ্ত ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰে দৰ্শকক আকৰ্ষণ কৰিবলৈও সক্ষম হৈ পৰিছে। উক্ত চৰিত্ৰটোৰ বাবে যথেষ্ট কষ্ট কৰা দেখিবলৈ পোৱা গৈছিল অভিনেত্ৰী কংগনাক। ইয়াৰ বাবে তেওঁ হৰমন টেবলেট গ্ৰহণ কৰি নিজৰ ওজনো বৃদ্ধি কৰি লৈছিল। কিন্তু, এইবাৰ কংগনাই নিজৰ ওজন বৃদ্ধিৰ পৰা কমাবলগীয়াত পৰিছে। কিয়নো তেওঁ বৰ্তমান ব্যস্ত “ধাকড়” ছবিখনৰ শ্বুটিঙক লৈ। “ধাকড়” ত অভিনেত্ৰী গৰাকীক বিভিন্ন ষ্টন্ট কৰা দেখিবলৈ পোৱা যাব।

৭০ কেজিৰ পৰা ২ মাহৰ ভিতৰত কংগনাই কমাব লাগিব ২০ কেজি ওজনঃ 2


“থলাইবী” ত ৭০ কিলোতকৈ অধিক নিজ ওজন বৃদ্ধি কৰা কংগনাই “ধাকড়” ৰ বাবে আকৌ কমাব লাগিব নিজ ২০ কেজি ওজন। এই ওজন কমাবলৈ অভিনেত্ৰী গৰাকীৰ হাতত সময় আছে মাত্ৰ ২ মাহৰ। উল্লেখ্য যে, “ধাকড়” ৰ বাবে কংগনাক হংগকংগ আৰু থাইলেণ্ডত একচনৰ নিৰ্দেশন দিয়া হ’ব। ৰজনীশ ঘাইৰ দ্বাৰা পৰিচালিত ছবিখন চলিত বৰ্ষৰ দিপাৱলীৰ সময়ছোৱাত মুক্তি পাব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.