Rupaliparda.com
"ৰাধে" ও "লক্ষ্মী বোম্ব" ছবিৰ ক্লেশক লৈ চচিয়েল মিডিয়াত ভাইৰেল মিমঃ 1

“ৰাধে” ও “লক্ষ্মী বোম্ব” ছবিৰ ক্লেশক লৈ চচিয়েল মিডিয়াত ভাইৰেল মিমঃ

বলীউড খিলাড়ী অক্ষয় কুমাৰ আৰু “ডবংগ” ছলমান খানৰ বহু প্ৰত্যাশিত দুয়োখন ছবি ক্ৰমে “লক্ষ্মী বোম্ব” আৰু “ৰাধে” চলিত বৰ্ষৰ “ঈদ” ৰ সময়ছোৱাত মুক্তি লাভ কৰিব। য’ত অক্ষয় কুমাৰৰ ছবি “লক্ষ্মী বোম্ব” ৰ শ্বুটিং সম্পূৰ্ণ কৰা হৈছে তাতেই আকৌ “ৰাধে” ছবিখনৰ শ্বুটিং এতিয়াও চলি আছে। উক্ত দুয়োখন ছবিৰ মুক্তিৰ তাৰিখকলৈ বিগত বহু দিনৰ পৰা আলোচনা চলি আছিল যদিও বৰ্তমান একে দিনাই দুয়োখন ছবি মুক্তি পাব বুলি শুনিবলৈ পাই চচিয়েল মিডিয়াত যথেষ্ট মিম ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছে।

"ৰাধে" ও "লক্ষ্মী বোম্ব" ছবিৰ ক্লেশক লৈ চচিয়েল মিডিয়াত ভাইৰেল মিমঃ 2


ছবি সমালোচক তৰণ আদৰ্শেও এক পোষ্ট যোগে কয় যে, ” যদিহে দুয়োখন ছবি একেদিনাই মুক্তি লাভ কৰে তেতিয়াহ’লে কোন খন ছবি কাৰ আগত বাজী মাৰিব; সেয়া হ’ব লক্ষণীয়।” তলত চাওঁক এই মিম বোৰঃ

https://twitter.com/VICKed__007/status/1235945501687603200?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1235945501687603200&ref_url=https%3A%2F%2Fkhabar.ndtv.com%2Fnews%2Fbollywood%2Ffunny-memes-viral-on-salman-khan-radhe-and-akshay-kumar-laxmi-bomb-rivalry-of-release-date-2191488
https://twitter.com/rk_akkiann/status/1235597473881550848
https://twitter.com/kunal1214_/status/1236225333180784641


ৰাঘৱ লৌৰেঞ্চৰ দ্বাৰা পৰিচালিত “লক্ষ্মী বোম্ব” ত অভিনয় কৰিছে অক্ষয় কুমাৰ আৰু কিয়াৰা আদৱানি। আনহাতে, প্ৰভূদেৱাৰ দ্বাৰা পৰিচালিত “ৰাধে” ছবিখনত অভিনয় কৰিছে ছলমান খান আৰু দিশা পাটানীয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.