এঢোপ এঢোপকৈ হ’লেও অসমীয়া ছবি জগত খনে বৰ্তমান সফলতাৰ ছিৰি বগাবলৈ সক্ষম হৈছে। নৱ প্ৰজন্মৰ প্ৰতিভা ও চিন্তা-চৰ্চাৰ এক সুন্দৰ নিদৰ্শনো দেখিবলৈ পোৱা গৈছে এই ক্ষেত্ৰখনত। নতুন তথা ব্যতিক্ৰমী চিন্তাৰে আগবঢ়া নৱ প্ৰজন্মই দৰ্শকৰ সঁহাৰিও লাভ কৰিছে যথেষ্ট। নৱ-প্ৰজন্মৰ এনে প্ৰতিভা সমূহৰ ভিতৰত আজি আমি এগৰাকীৰ নাম আপোনালোকক ক’ম। তেওঁ কেইবাখনো ছবি ও চুটি ছবি লগতে মিউজিক ভিডিঅ’ ত সহকাৰী পৰিচালক হিচাপে কাম কৰাৰ উপৰিও নিজে লিখি এখন কিতাপ “প্ৰেমাগ্নি” উলিয়াইছে। তেওঁৰ নাম হৈছে হিমাংশু ৰঞ্জন মুদৈ।

যোৰহাটত জন্মগ্ৰহণ কৰা এই গৰাকী যুৱকে জে.বি কলেজৰ পৰা লাভ কৰিছিল ছবি নিৰ্মাণৰ শিক্ষা। ৰীমা বৰাৰ ছবি “নৈ” ৰ লগতে অসীম বৈশৰ ছবি “চান্দু” ত সহকাৰী পৰিচালক ৰূপে কাম কৰা এই গৰাকী যুৱকে “কংক্ৰিট চহৰ” নামে এটা গীত কম্পোজ কৰি, গীতটিত তেওঁ নিজে কন্ঠদানো কৰিছে। উল্লেখ্য যে, এই গৰাকী যুৱকে বৰ্তমান চেষ্টা কৰিছে এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণৰ বাবে। এখন ছবি নিৰ্মাণত হোৱা যথেষ্ট খিনি আৰ্থিক ব্যয়ৰ বাবে তেওঁ ৰূপালী পৰ্দাৰ জৰিয়তে ৰাইজৰ ওচৰত আহ্বান জনাইছে। “Crowd Funding” ৰ জৰিয়তে ছবি নিৰ্মাণৰ পৰিকল্পনা কৰিছে এতিয়া যুৱকগৰাকীয়। শুনক তেওঁৰ মুখেৰেইঃ

কোনো ইচ্ছুক ব্যক্তিয়ে যদি তেওঁৰ এই পৰিকল্পনাক গঢ় দিবলৈ বিচাৰে তেন্তে 7577854522 নম্বৰত ফোন কৰি জনাওঁক। এগৰাকী নৱ প্ৰজন্মৰ প্ৰতিভাক সকলোৰে ওচৰত প্ৰদৰ্শিত কৰিবলৈ সহায় কৰক আপুনিও।
Add comment