Rupaliparda.com
অভিনেতা বিজু ফুকনৰ জীৱন কাহিনীৰে নিৰ্মিত এখন কিতাপ "Biju Phukan: A life in Cinema"- 1

অভিনেতা বিজু ফুকনৰ জীৱন কাহিনীৰে নিৰ্মিত এখন কিতাপ “Biju Phukan: A life in Cinema”-

অসমীয়া চলচিত্ৰত ৭০ ৰ দশকৰ পৰা ৰাজত্ব কৰা এগৰাকী অভিনেতা। মৃত্যুৰ পিছতো তেওঁ অভিনীত চলচিত্ৰই মুক্তি লাভ কৰিছিল। “ডাঃ বেজবৰুৱা” নামে ছবিখনত এটা সৰু চৰিত্ৰৰে ভুমূকি মৰা এই গৰাকী অভিনেতাই ৪০ বছৰত প্ৰায় ৮০ খন চিনেমাত অভিনয় কৰে। অভিনেতাগৰাকীক নতুনকৈ চিনাকী কৰি দিয়া হয়টো প্ৰয়োজন নাই। এইগৰাকীয়ে হৈছে অসমীয়া চলচিত্ৰৰ বিখ্যাত ও জনপ্ৰিয় অভিনেতা বিজু ফুকন। এই গৰাকী অভিনেতাৰ জীৱন কাহিনীৰ ভিত্তিতেই এগৰাকী পৰিচালকে লিখি উলিয়াইছে এখন কিতাপ “Biju Phukan: A life in Cinema”।

অভিনেতা বিজু ফুকনৰ জীৱন কাহিনীৰে নিৰ্মিত এখন কিতাপ "Biju Phukan: A life in Cinema"- 2
অভিনেতা বিজু ফুকনৰ জীৱন কাহিনীৰে নিৰ্মিত এখন কিতাপ "Biju Phukan: A life in Cinema"- 3


কেইবাখনো অসমীয়া ছবি ক্ৰমে “ধুনীয়া তিৰোতাবোৰ”, “সমীৰণ বৰুৱা আহি আছে”, “সূৰ্য্যাস্ত”, “বৰশী” আদি ছবিৰ পৰিচালক প্ৰদ্যুত কুমাৰ ডেকাৰ লিখনিৰে অতি শীঘ্ৰেই প্ৰকাশ পাব এই কিতাপখন। উল্লেখ্য যে, প্ৰদ্যুত কুমাৰ ডেকাৰ এই কিতাপ খনত বিজু ফুকনৰ জীৱনীকে আদি কৰি থাকিব অসমীয়া চিনেমাৰ বুৰঞ্জী ও ক্ৰমবিকাশ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.