Rupaliparda.com
মুক্তি লাভ কৰিছে ৰাকেশ ৰিয়ানৰ কন্ঠৰে ৰোমান্টিক গীত "আছুতীয়া কৈ থ'লো"- 1

মুক্তি লাভ কৰিছে ৰাকেশ ৰিয়ানৰ কন্ঠৰে ৰোমান্টিক গীত “আছুতীয়া কৈ থ’লো”-

মুক্তি লাভ কৰিলে ৰাকেশ ৰিয়ান কন্ঠৰে আন এটি ৰোমান্টিক গীত “আছুতীয়া কৈ থ’লো”। বিগত কেইবাটাও দিনৰ পৰা চচিয়েল মিডিয়াত গীতটিক লৈ অনুৰাগীক উদ্দেশ্যি বিভিন্ন আপডেট দি থকা ৰাকেশ ৰিয়ানে “বাৰিষাৰে বৰষা হোৱা” শীৰ্ষক ৰোমান্টিক গীতটিৰ পৰা লাভ কৰিছিল শ্ৰোতাৰ বহুল সঁহাৰি। বিগত দিনত মুক্তিপ্ৰাপ্ত তেওঁৰ গীত সমূহৰ জনপ্ৰিয়তাৰ দ্বাৰাই বুজিব পাৰি কন্ঠশিল্পী ৰাকেশ ৰিয়ানৰ অনুৰাগীৰ সংখ্যা।

মুক্তি লাভ কৰিছে ৰাকেশ ৰিয়ানৰ কন্ঠৰে ৰোমান্টিক গীত "আছুতীয়া কৈ থ'লো"- 2


“আছুতীয়া কৈ থ’লো” শীৰ্ষক এই গীতটিত ৰাকেশ ৰিয়ানৰ সৈতে কন্ঠদান কৰিছে অঞ্জু পাঞ্চিয়ে। গীতটিৰ কথা-সুৰ চিন্ময় কৌশিক আৰু জয় নিৰ্বাণৰ লগতে উক্ত গীতটিত সংগীত দিছে প্ৰণয় দত্তই। লিৰিকেল ভিডিঅ’ ৰূপে মুক্তি লাভ কৰা এই গীতটিত বৰ্তমান ভিউৱাৰচৰ সংখ্যা হৈছে লেখত ল’বলগীয়া।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform