বাগদাদৰ পৰা অসমলৈ অহা ছুফী সন্ত আজান ফকীৰৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা এখন অসমীয়া ছবি হৈছে “আজান ফকীৰ চাহেব”। ২০০৮ চনত বাণী কলিতাৰ দ্বাৰা পৰিচালিত এই ছবিখনে বিভিন্ন বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। “আজান ফকীৰ” শীৰ্ষক গ্ৰন্থ খনক মূল হিচাপে লৈ নিৰ্মিত এই ছবিখনত আজান ফকীৰৰ বিভিন্ন ঘটনা সমূহ সুন্দৰ ৰূপত উপস্থাপন কৰা হৈছে। দিখৌ নদীৰ পাৰত ১২০ জন শিষ্যৰ সৈতে কিছু বছৰ থকাৰ পিছতেই ১৯৬০ চনত আজান ফকীৰৰ মৃত্যু হৈছিল বুলি কোৱা হয়। সেই আটাইবোৰ কাহিনীক অন্তৰ্ভূক্ত কৰা হৈছে এই ছবিখনত।


বিষ্ণু খাৰঘৰীয়া, পৃথ্বিৰাজ ৰাভা, জয়ন্ত ভাগৱতী, অৰুণ নাথ আৰু মলয়া গোস্বামীৰ দ্বাৰা অভিনীত এই ছবিখনে ২০০৮ চনত ইউনাইটেড টি ভি এণ্ড ফিল্মমেকাৰ্ছ এছ’ছিয়েছনৰ দ্বাৰা “চিত্ৰলেখা এৱাৰ্ড” লাভ কৰা লগতে “আজান ফকীৰ চাহেব”-এ লাভ কৰে শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ পৰিচালক (আছিফ ইকবাল), শ্ৰেষ্ঠ সংগীত পৰিচালক (দ্বিজেন কোঁৱৰ), শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ (প্ৰভাত গোস্বামী), শ্ৰেষ্ঠ সহ-অভিনেত্ৰী (মলয়া গোস্বামী) ৰ বঁটা।
Add comment