Rupaliparda.com
অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা" প্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 1

অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা” প্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ

অসমীয়া ছবিয়ে পোৱা বঁটা সমূহৰ ভিতৰত শ্ৰেষ্ঠ বঁটাটো হৈছে “অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা”। চলচিত্ৰ মহোৎসৱ সঞ্চালকালয়, ভাৰতৰ পৰা প্ৰদান কৰা এই বঁটাত বিজয়ী ছবিখনে লাভ কৰে মুঠ নগদ ১লাখ টকা লগে “ৰজত কমল” মেডেল। প্ৰথম ১৯৬৯ চনৰ পৰা দিবলৈ আৰম্ভ কৰা এই বঁটা অন্তিমবাৰ প্ৰদান কৰা হয় ২০১৮ চনত। বৰ্তমানলৈ প্ৰদান কৰা এই বঁটাৰ সংখ্যা হৈছে মুঠ ৪৬ টা। এই বঁটা লাভ কৰা ছবি সমূহ হৈছেঃ

অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা" প্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 2

পিয়লী ফুকনঃ ১৯৫৫ চনত মুক্তিপ্ৰাপ্ত এই ছবিখন পৰিচালনা কৰিছিল ফণী শৰ্মাই। পিয়লী ফুকনৰ জীৱন কাহিনীৰে নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছিল গামা প্ৰসাদ আগৰৱালায়ে (ৰূপজ্যোতি প্ৰডাকচন)। ছবিখনত অভিনয় কৰিছিল ফণী শৰ্মা,ৰেবেকা আচাও, ইভা আচাও, চন্দ্ৰধৰ গোস্বামী, হীৰেণ চৌধুৰী, জ্ঞানদা কাকতি, বীণা দাস মান্না,ৰমেশ শৰ্মা, তুলসী দাস, ভূপেন বৰুৱা, দূৰ্গা গোস্বামী, বিবেক আগৰৱালা, নেইমুদ্দিন, ঝৰ্ণা আৰু নয়নীয়ে।

মাক আৰু মৰমঃ ১৯৫৭ চনত মুক্তিপ্ৰাপ্ত এই ছবিখন আছিল সামাজিক ধৰ্মী। নিপ বৰুৱাৰ দ্বাৰা পৰিচালিত দ্বিতীয় খন ছবি হোৱাৰ উপৰিও “মাক আৰু মৰম” ছবিখনৰ প্ৰযোজনা কৰিছিল ব্ৰজেন বৰুৱাই। ইয়াত অভিনয় কৰিছিল ব্ৰজেন বৰুৱা, দ্বিৱন বৰুৱা, নিজৰা চৌধুৰী, নেইমুদ্দিন, ভোলা কাকতি,নীৰা, অমলেন্দু বাগচী আৰু মাষ্টাৰ অমৰজ্যোতি আদিয়ে।

ৰঙা পুলিচঃ ১৯৫৮ জানুৱাৰী মাহত মুক্তিপ্ৰাপ্ত “ৰঙা পুলিচ” প্ৰথমখন অসমীয়া ছবি যিয়ে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছিল। যোৰহাটত গঢ় লৈ উঠা “মিলিত শিল্পী সমাজ” নামৰ এটা সাংস্কৃতিক অনুষ্ঠানে ৰমেশ শৰ্মাই ৰচনা কৰা “ৰঙা পুলিচ” নামে নাটখন নিবেদন কৰিছিল। নাটখনক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হৈছিল “ৰঙা পুলিচ”। নাটখন চাবলৈ তাত উপস্থিত হৈছিল নিপ বৰুৱা আৰু ব্ৰজেন বৰুৱা। ছবিখনত অভিনয় কৰে জ্ঞানদা কাকতি, নিপ বৰুৱা,ডা: মুনিন বৰুৱা, তিলমিজুৰ ৰহমান, চৈয়দ আব্দুল মালিক, আব্দুল মজিদ, ভোলা কাকতি, বীণা বৰুৱা, নন্দেশ্বৰ,অমৰ, ছাত্তৰা, চক্ৰেশ্বৰ, জুলকিৰণ,দীপ আৰু ৰীণাই।

পুবেৰুণঃ ১৯৫৯ চনত মুক্তিপ্ৰাপ্ত “পুবেৰুণ” হৈছে প্ৰথম খন অসমীয়া ছবি; য’ত বিদেশী শিল্পীয়ে অভিনয় কৰে। প্ৰভাত মূখাৰ্জীৰ দ্বাৰা পৰিচালিত তথা কে.চি ৰয় আৰু পাজি দাসৰ দ্বাৰা প্ৰযোজিত এই ছবিখন মাতৃ-পুত্ৰৰ সম্পৰ্কৰ কিছু ঘাত-প্ৰতিঘাতৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হয়। ছবিখনত অভিনয় কৰে জ্ঞানন্দা বৰুৱা, ৰাধা গোৱিন্দ বৰুৱা, গ্ল’ৰিয়া, বীণা বৰুৱা, মাৰ্গাৰেট এণ্ডাৰছন, ৰেবেকা আচাও, তচদ্দুক ইউচুফ, পাজী দাস, চঞ্চল দাস, ডাঃ খগেন ৰায়, গৌতম বৰুৱা আৰু বেবী ৰুমাই।

শকুন্তলাঃ প্ৰথম অসমীয়া আংশিক ৰঙীণ ছবিখন হৈছে ড° ভূপেন হাজৰিকা দ্বাৰা পৰিচালিত “শকুন্তলা”। কালিদাসৰ “অভিজ্ঞানম শকুন্তলম” নাটৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখন “ব্লেক এন হোৱাইট” আছিল যদিও ছবিখনত অন্তৰ্ভূক্ত “প্ৰথম প্ৰহৰ ৰাত্ৰি” গীতটি ৰঙীণ ফিল্মত শ্বুটিং কৰা হৈছিল। “শকুন্তলা” ছবিখনত অভিনয় কৰিছে পবিত্ৰ বৰকটকী, অনিমা গুহ,খগেন মহন্ত,ইভা আচাও, ফণী শৰ্মা আৰু বিদ্যা ৰাওয়ে।

তেজীমলাঃ ১৯৬৩ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া নাৰীকেন্দ্ৰিক ছবি হৈছে “তেজীমলা”। লক্ষ্মীনাথ বেজবৰুৱাৰ একে নামৰ সাধুৰ আধাৰত নিৰ্মাণ হোৱা এই ছবিখনৰ পৰিচালনা কৰিছিল আনোৱাৰ হুছেইনে। সাধুৰ আধাৰত নিৰ্মাণ কৰা হৈছিল যদিও এই ছবিখন বাস্তৱধৰ্মী কৰি তুলিবলৈ ইয়াৰ কাহিনীৰ সালসলনি কৰা হৈছিল।

মণিৰাম দেৱানঃ ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট নগৰৰ মাজ-মজিয়াত মুকলিকৈ জনসাধৰাণৰ চকুৰ আগত বীৰ মণিৰাম দেৱানক ফাঁচী দিয়া হৈছিল। তেওঁৰ জীৱনৰ ঘটনা-পৰিঘটনা সমূহক কেন্দ্ৰ কৰি ছবি জগতত এখন ছবি নিৰ্মাণ কৰা হৈছিল। যাৰ নাম দিয়া হৈছিল “মণিৰাম দেৱান”। এই ছবিখনে মুক্তি লাভ কৰা পিছতেই বৃহৎ অংকত লাভ অৰ্জন কৰিছিল বুলি শুনিবলৈ পোৱা গৈছিল।এই ছবিখনৰ মূখ্য অৰ্থাৎ “মণিৰাম দেৱান” ৰ চৰিত্ৰত অভিনয় কৰিছিল ফণী শৰ্মাই। ইয়াৰ লগতে, পবিত্ৰ বৰকাকতি, উৎপল দত্ত আৰু ইভা আচাওয়ে “মণিৰাম দেৱান” ত অভিনয় কৰে।

প্ৰতিধ্বনিঃ খাচী লোকগাঁঠাৰ ভেঁটিত নিৰ্মিত এখন অসমীয়া ছবি হৈছে “প্ৰতিধ্বনি”। সংগীতেৰে পৰিপূৰ্ণ এই ছবিখনৰ পৰিচালনা,প্ৰযোজনা লগতে সংগীত আছিল ড° ভূপেন হাজৰিকাৰ। খাচী ভাষাৰ “KAA SWA RAATI” নামত “প্ৰতিধ্বনি” ছবিখনক ডাব কৰি বাণিজ্যিকভাবে ছবিখন মুকলি কৰি দিয়া হৈছিল। “প্ৰতিধ্বনি” ছবিখনত অভিনয় কৰিছে পবিত্ৰ বৰকটকী, ইভা আচাও, বিষ্ণু ৰাভা, ফণী শৰ্মা, কৃষ্ণ দাস, কমল চৌধুৰী, মঘাই ওজা, বিদ্যা ৰাও আৰু স্বাগতা চক্ৰৱৰ্তীয়ে।

লটিঘটিঃ ১৯৬৬ চনত মুক্তিপ্ৰাপ্ত এই ছবিখন আছিল ড° ভূপেন হাজৰিকা পৰিচালিত এখন হাস্য-ব্যংগ ছবি। ছবিখনৰ পোষ্টাৰত কেপছন আছিল “হাঁহি হাঁহি ভাবিব পৰা ছবি”। ইয়াত অভিনয় কৰিছিল বিজয় শংকৰ, বিদ্যা ৰাও, কুলদা ভট্টাচাৰ্য, ৰত্ন ওজা, হৰিনাৰায়ণ দাস, জ্যোতিষ ভট্টাচাৰ্য, জহৰ ৰয়, নিৰুপতি চেটাৰ্জী আৰু বেবি গুপ্তাই।

ডক্তৰ বেজবৰুৱাঃ ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত প্ৰথমখন অসমীয়া থ্ৰীলাৰ ছবি হৈছে “ডক্তৰ বেজবৰুৱা”। ব্ৰজেন বৰুৱাৰ দ্বাৰা পৰিচালিত তথা ৰংঘৰ চিনে প্ৰডাকছনৰ বেনাৰত নিৰ্মিত উক্ত ছবিখন অসমীয়া চলচিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা নিপন গোস্বামীৰ নায়কৰ চৰিত্ৰত ডেবিউ ছবি হোৱাৰ লগতে জনপ্ৰিয় কন্ঠশিল্পী দ্বীপেন বৰুৱাইও “ডক্তৰ বেজবৰুৱা” ৰ পৰাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ছবিখনত অভিনয় কৰিছে ব্ৰজেন বৰুৱা, নিপন গোস্বামী, প্ৰতিভা ঠাকুৰ আৰু ৰেণু শইকীয়াই।

অৰণ্যঃ ১৯৭১ চনত মুক্তিপ্ৰাপ্ত এখন ক’লা-বগা অসমীয়া ছবি অৰণ্য। সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনত চোৰাং চিকাৰীৰ তাণ্ডৱ আৰু অৰণ্য সমূহ কেনেদৰে ধ্বংসস্তূপত পৰিণত হয় এইবোৰ দেখুওৱা হৈছিল।

ওপজা মাটিৰ সোণঃ ১৯৭২ চনত মুক্তিপ্ৰাপ্ত এই ছবিখন পৰিচালনা কৰে ব্ৰজেন বৰুৱাই। সমবায় আন্দোলনৰ ওপৰত আধাৰিত ছবিখনত অভিনয় কৰে পৰমে্ন্দ্ৰ ভূঞা, প্ৰশান্ত হাজৰিকা, মীনা দাস, অনুৰাধা শইকীয়া, পৰেশ বৰা আৰু বিজু ফুকনে।

মমতাঃ ১৯৭৩ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবি হৈছে “মমতা”। নলীন দুৱৰা দ্বাৰা পৰিচালিত তথা প্ৰফুল্ল দত্ত আৰু শিৱ ঠাকুৰৰ প্ৰযোজনাৰে নিৰ্মিত এই ছবিখনে ১৯৭৩ চনৰ ২১ তম ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অসমীয়া চলচিত্ৰ শিতানত ৰজত পদক লাভ কৰে। ছবিখনত অভিনয় কৰিছে ৰুদ্ৰ বৰুৱা,ইভা আচাও,শিৱ ঠাকুৰ, জয়া শইকীয়া আৰু মাষ্টাৰ শোণিত কুমাৰ শইকীয়াই। “মমতা” ত সংগীত পৰিচালক হিচাপে কাম কৰিছিল ভূপেন হাজৰিকাই।

চামেলি মেমচাবঃ নিৰোদ চৌধুৰীৰ এটি চুটিগল্পৰ আধাৰত নিৰ্মিত কৰা ছবিখন হৈছে “চামেলী মেমচাহাব”। আব্দুল মজিদৰ দ্বাৰা পৰিচালিত আৰু সেউজ বোলছবি সন্থাৰ দ্বাৰা প্ৰযোজিত এই ছবিখনে ১৯৭৫ চনত ৰাষ্ট্ৰীয় চলচিত্ৰৰ শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ চলচিত্ৰ বঁটা লাভ কৰে। ছবিখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে বাংলা অভিনেতা জৰ্জ বেকাৰ আৰু অভিনেত্ৰী বিনীতা বৰগোঁহাইয়ে।

সন্ধ্যাৰাগঃ ভৱেন্দ্ৰ নাথ শইকীয়াৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া ছবিখন হৈছে “সন্ধ্যাৰাগ”। তেওঁৰে “বানপ্ৰস্থ” শীৰ্ষক গল্পটিৰ আধাৰত নিৰ্মিত এই ছবিখন পৰিচালনাৰ লগতে চিত্ৰনাট্য তথা সংলাপ আছিল ভৱেন্দ্ৰ নাথ শইকীয়াৰে। ছবিখনত অভিনয় কৰিছে ৰুণু দেৱী,অৰুণ শৰ্মা,মায়া বৰুৱা, আৰতি বৰুৱা, কাশ্মিৰী শইকীয়া,ৰাজু বৰদলৈ, পূৰ্ণিমা পাঠক, নানু দত্ত, ঈশান বৰুৱা, বিষ্ণু বৰুৱা, আনন্দ মোহন ভাগৱতী, মামণি দাস, সংগীতা শইকীয়া, তৃপ্তিকল্প হাজৰিকা, ৰূপম বৰুৱা আৰু উপকুল বৰদলৈয়ে।

কল্লোলঃ অতুল বৰদলৈৰ দ্বাৰা পৰিচালিত কলা-বগা অসমীয়া ছবিখন হৈছে “কল্লোল”। ছবিখনত অভিনয় কৰিছে চন্দ্ৰ নাৰায়ণ বৰুৱা, বিষ্ণু খাৰঘৰীয়া, লাচিত ফুকন, বীণা শইকীয়া
মহিধৰ গোঁহাই, ৰণেন সাহা, ভৰত ৰাজখোৱা, প্ৰতিমা মহন্ত আৰু মহিউদ্দিন আহমেদে।

অণিবাৰ্ণঃ ১৯৮১ চনত মুক্তি লাভ কৰা ক’লা-বগা এই ছবিখনৰ পৰিচালনা কৰিছে ভৱেন্দ্ৰ নাথ শইকীয়াই। ছবিখনত অভিনয় কৰিছে ভোলা কটকী, ৰুণু গোস্বামী, সংগীতা শইকীয়া, আনন্দ মোহন ভাগৱতী, উৎপল চক্ৰৱৰ্তী, হেমন্ত দত্ত, বিদ্যুত চক্ৰৱৰ্তী, ববিতা শৰ্মা, কামিনী বৰুৱা, ৰীতু দাস, অনন্ত গগৈ, ঈশান বৰুৱা আৰু চিৰন্তন হাজৰিকাই।

অপৰূপাঃ “অপৰূপা” হৈছে জাহ্নু বৰুৱাই ১৯৮২ চনত পৰিচালনা কৰা প্ৰথম অসমীয়া ছবি। ইয়াৰ লগতে ৰাষ্ট্ৰীয় চলচিত্ৰ নিগমে প্ৰযোজনা কৰা এইখনে প্ৰথম অসমীয়া ছবি। উক্ত ছবিখন হিন্দী ভাষাতো মুক্তি লাভ কৰে “অপেক্ষা” নামেৰে। সুহাসিনী মূলে’ ,সুষমা শেঠ, গোপী দেশাই , বিজু ফুকন, সুশীল গোস্বামী, গিৰীশ কাৰনাড, হিৰণ্য ডেকা, ফাৰুক শ্বে’খ, দুলাল ৰয়, জগদীপ, কূলভূষণ আৰু খাৰবান্দা নীলমে অভিনয় কৰে এই ছবিখনত।

সোণমইনাঃ ১৯৮৫ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবি হৈছে “সোণমইনা”। শিৱ প্ৰসাদ ঠাকুৰৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ কাহিনী তথা চিত্ৰনাট্য ৰঞ্জন ৰায়ৰ দ্বাৰা ৰচিত এখন বাংলা নাঁট “সাহেব” ৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে। “সোণমইনা” ত অভিনয় কৰিছে প্ৰাঞ্জল শইকীয়া,মঞ্জুলা বৰুৱা, সুৰেণ মহন্ত, পূৰৱী শৰ্মা, জৱা ভূঞা, সমুদ্ৰগুপ্ত দত্ত, অঞ্জলি ভূঞা, অপূৰ্বা দত্ত,বিজু ভৰালী, মৰমী বৈশ্য, শিৱ ঠাকুৰ, মিৰেল কুদ্দুচ আৰু ৰাণা তামুলীয়ে।

অগ্নিস্নানঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ কাহিনী, চিত্ৰনাট্য,সংলাপকে আদি কৰি প্ৰযোজনা আৰু পৰিচালনাৰে ১৯৮৫ চনত মুক্তিপ্ৰাপ্ত ছবিখন হৈছে “অগ্নিস্নান”। ছবিখন ভৱেন্দ্ৰ নাথ শইকীয়াৰ “অন্তৰীপ” নামে উপন্যাস খনৰ আধাৰত নিৰ্মিত কৰা হৈছে। ছবিখনত অভিনয় কৰিছে ইন্দ্ৰ বণিয়া, কাশ্মিৰী শইকীয়া বৰুৱা, চেতনা দাস, অশোক ডেকা, মলয়া গোস্বামী, অৰ্জুন গুহ ঠাকুৰীয়া, অৰুণ নাথ, বিজু ফুকন আৰু সঞ্জীৱ হাজৰিকাই।

কোলাহলঃ “এন্দুৰ” নামে এটা গল্পৰ আধাৰত ভবেন্দ্ৰনাথ শইকীয়াই নিৰ্মাণ কৰি উলিয়াইছিল এখন অসমীয়া ছবি “কোলাহল”। ৰুণু দেৱী ঠাকুৰ, অৰুণ নাথ, বিভূতি ৰঞ্জন চৌধুৰীৰ অভিনয়েৰে ছবিখন মুক্তি লাভ কৰিছিল ১৯৮৯ চনত।

যুঁজঃ ১৯৯০ চনত মুক্তিপ্ৰাপ্ত এখন ৰঙীণ অসমীয়া ছবি হৈছে “যুঁজ”। হেমেন দাসৰ পৰিচালনা, কাহিনী আৰু চিত্ৰনাট্যৰে নিৰ্মিত এই ছবিখনে ৩৮ তম ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ “ৰজত কমল” বঁটা লাভ কৰিছিল। এগৰাকী ধনী খেতিয়ক তথা এগৰাকী তথাকথিত সৰু জাতৰ খেতিয়কৰ ম’হৰ মাজত হোৱা যুদ্ধক কেন্দ্ৰ কৰিয়েই ঘূৰিছে ছবিখনৰ মূল কাহিনীভাগ। “যুঁজ” ত অভিনয় কৰিছিল পুলিন নাথ, সীতাৰাণী হাজৰিকা, হৰি ডেজা, ড° হেমেন বৰ্মণ, শান্তিছায়া ৰয়, জগদীশ দাস, মীনা কুমাৰী বৰ্মণ, হেমেন চৌধুৰী, লক্ষ্মী বৰঠাকুৰ আৰু হেমেন দাস আদিয়ে।

সাৰথিঃ ১৯৯১ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবি হৈছে “সাৰথি”। ছবিখনৰ কাহিনী, চিত্ৰনাট্য, প্ৰযোজনা তথা পৰিচালনাৰ দায়িত্বত আছিল ড° ভৱেন্দ্ৰ নাথ শইকীয়া। অৰুণ নাথ, মৃদুলা বৰুৱাকে আদি কৰি এই ছবিখনত অভিনয় কৰিছিল বিদ্যা ৰাও, ড° হেমেন বৰ্মণ, জয়ন্ত দাস, মিন্টু বৰুৱা আৰু মৌচুমী কাঠকটীয়াই।

ৰেলৰ আলিৰ দুবৰি মনঃ ১৯৯৩ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবি হৈছে “ৰেলৰ আলিৰ দুবৰি বন”। পুলক গগৈৰ পৰিচালনা তথা প্ৰযোজনাৰে মুক্তিপ্ৰাপ্ত এই ছবিখনে ৪০ তম ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ “ৰজতকমল” বঁটা লাভ কৰে। উক্ত ছবিখনৰ গীতত কন্ঠদান কৰিছিল বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পী কুমাৰ চানু আৰু কবিতা কৃষ্ণমূৰ্তিয়ে। ছবিখনৰ মূল চৰিত্ৰকেইটিত অভিনয় কৰিছে অমিতাভ গগৈ, দীপিকা শৰ্মা আৰু উপকুল বৰদলৈ।

আৱৰ্তনঃ ভৱেন্দ্ৰ নাথ শইকীয়াৰ দ্বাৰা পৰিচালিত ষষ্ঠ সংখ্যক ছবিখন হৈছে “আৱৰ্তন”। কোনো উপন্যাস তথা চুটিগল্পৰ আধাৰত নিৰ্মাণ নকৰি ভৱেন্দ্ৰ নাথ শইকীয়াই “আৱৰ্তন” নিৰ্মাণ কৰিছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ ওপৰত আধাৰিত এটা মৌলিক কাহিনীৰে। ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত হোৱাৰ লগতে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰে ছবি “আৱৰ্তন”-এ।“আৱৰ্তন” ত অভিনয় কৰিছে মৃদুলা বৰুৱা, তপন দাস, জয়ন্ত দাস, চেতনা দাসৰ লগতে আৱাহন থিয়েটাৰৰ কেইবাগৰাকী অভিনেতা-অভিনেত্ৰীয়ে।

সাগৰলৈ বহু দূৰঃ ১৯৯৫ চনতে মুক্তি লাভ কৰা জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত “সাগৰলৈ বহু দূৰ” । ১০৬ মিনিট দৈৰ্ঘ্যৰ ছবিখনত আছে এজন নাৱৰীয়াৰ জীৱন-সংগ্ৰাম। দিহিং নদীৰ পাৰতেই নাওঁ চলাই জীৱন নিৰ্বাহ কৰা “পোৱাল” ৰ কাহিনীৰে উপস্থাপন কৰা হৈছে চিনেমাখন। ইয়াত অভিনয় কৰিছিল বিষ্ণু খাৰঘৰীয়া, অৰুণ নাথ, কাশ্মীৰি শইকীয়া, মিৰেণ, সুশান্ত বৰুৱা আৰু যতীন বৰাই।

ইতিহাসঃ ভৱেন্দ্ৰ নাথ শইকীয়াৰ দ্বাৰা নিৰ্মিত অন্তিমখন ছবি হৈছে “ইতিহাস”। ১৯৯৬ চনত মুক্তিপ্ৰাপ্ত এই ছবিখনত অভিনয় কৰিছিল নিকুমণি বৰুৱা, মৃদুলা বৰুৱা, তপন দাস আৰু বিজু ফুকনে।

অদাহ্যঃ ইন্দিৰা গোস্বামীৰ জনপ্ৰিয় উপন্যাস “দঁতাল হাতীৰ উয়ে খোৱা হাওঁদা” ৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মিত ছবি “অদাহ্য” ই ১৯৯৬ চনত সান্তনা বৰদলৈৰ পৰিচালনাত মুক্তি লাভ কৰিছিল। ছবিখনত অভিনয় কৰে টম আল্টাৰ, তৃষা শইকীয়া, বিষ্ণু খাৰঘৰীয়া, ত্ৰিৱেনী বৰা, ভগীৰথী, চেতনা দাস, ইন্দিৰা দাস, মিন্টু বৰুৱা আৰু নীল চক্ৰৱৰ্তীয়ে।

কুশলঃ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচিত্ৰৰ “ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা” প্ৰাপ্ত এখন অসমীয়া ছবি হৈছে “কুশল(Price Of Freedom)”। জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এই ছবিখন নিৰ্মাণত সময় লাগিছিল প্ৰায় ৬ বছৰ। অসমীয়া তথা হিন্দী সংস্কৰণত নিৰ্মিত এই ছবিখনত কুশল কোঁৱৰক দিয়া ফাঁচীৰ ঐতিসাহিক ঘটনাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল। ছবিখনত অভিনয় কৰিছে সঞ্জীৱ সভাপণ্ডিত,গেৰী ৰিচাৰ্ডচন, বীণা পটংগীয়া,দীনেশ দাস,পৃথ্বীৰাজ ৰাভা,অনুপ হাজৰিকা, ভিক্টৰ ডেভিদ চেচুন , চাকিৰ হাজৰিকা, প’ল কাৰ্লিন আৰু ফিলিপ্স বসুয়ে।

পখীঃ জাহ্নু বৰুৱাৰ দ্বাৰা নিৰ্মিত অসমীয়া ছবিসমূহৰ প্ৰত্যেকখনেই দৰ্শকৰ মাজত কোনো এক বাৰ্তা প্ৰেৰণ কৰাৰ লগতে ছবিসমূহে আজি পৰ্যন্ত দৰ্শকক মনোৰঞ্জন প্ৰদান কৰি আহিছে। তেওঁৰ দ্বাৰা নিৰ্মিত প্ৰায় ছবিয়ে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এক উচ্চ স্থান দখল কৰি আহিছে। ইয়াৰ ভিতৰত আমি “পখী” ছবিখনৰো নাম ল’ব পাৰো। “পখী” ছবিখনত অভিনয় কৰিছে বিষ্ণু খাৰঘৰীয়া, হৰমোহন দাস, গাৰ্গী, বিনা পটংগীয়া, ৰাজীৱ ক্ৰ’, গোপাল খাৰঘৰীয়া, সঞ্জয় খাৰঘৰীয়া আৰু ৰীতা দাস বৰুৱাই।

কণিকাৰ ৰামধেনুঃ জাহ্নু বৰৱাৰ পৰিচালনা আৰু শৈলধৰ বৰুৱাৰ প্ৰযোজনাৰে ২০০২ চনৰ ডিচেম্বৰ মাহৰ ২০ তাৰিখে মুক্তি প্ৰাপ্ত ছবি “কণিকাৰ ৰামধেনু” অৰ্থাৎ “Ride on the Rainbow”। ১১২ মিনিট দৈৰ্ঘ্যৰ এই ছবিখন ২০০২ চনত অক্টোবৰত দিল্লীৰ আই এফ এফ আইৰ ইণ্ডিয়ান পেনোৰামাত আৰু ২০০২ চনৰ মুম্বাইত আন্তৰাষ্ট্ৰীয় উৎসৱত প্ৰদৰ্শন কৰা হয়। ২০০২ চনতে উক্ত ছবিখনে শ্ৰেষ্ঠ আঞ্চলিক চলচিত্ৰৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। ছবিখনত অভিনয় কৰিছে মলয়া গোস্বামী, বিষ্ণু খাৰঘৰীয়া, দিনেশ দাস, ৰণিক, অভিনাশ শৰ্মা,অশ্বিনী ভূঞা, ইন্দ্ৰানী গগৈ, ৰেবা ফুকন।

দীনবন্ধুঃ ২ ঘণ্টা ৩০ মিনিট দৈৰ্ঘ্যৰ “দীনবন্ধু” হৈছে মুনীন বৰুৱাৰ দ্বাৰা পৰিচালিত সকলো অসমীয়া ছবিৰ মাজৰ এক উজ্জ্বল নক্ষত্ৰ স্বৰূপ। ভৱেন্দ্ৰ নাথ শইকীয়াৰ “যৌতুক” নামে গল্পটিৰ আধাৰত নিৰ্মিত কৰা হৈছিল উক্ত চিনেমাখন। তপন দাস, জুবিন গাৰ্গ, প্ৰস্তুতি পৰাশৰ, নিশিতা গোস্বামী, গায়ত্ৰী মহন্ত,অৰুণ নাথকে ধৰি “দীনবন্ধু” তেতিয়াৰ সময়ৰ এখন শ্ৰেষ্ঠ অসমীয়া ছবি বুলিলেও কোনোৱে নুই কৰিব নোৱাৰিব।

কদমতলে কৃষ্ণ নাচেঃ ২০০৫ চনত মুক্তিপ্ৰাপ্ত এই ছবিখন পৰিচালনা কৰিছিল সুমন হৰিপ্ৰিয়াই। ছবিখনত অভিনয় কৰিছিল সৌৰভ হাজৰিকা, তপন দাস, জয়ন্ত ভাগৱতী, ৰানু দেৱী আৰু ৰূপশিখাই।

আইদেউঃ আইদেউৰ জীৱন কাহিনীৰে ২০০৭ চনত মুক্তি লাভ কৰিছিল এখন অসমীয়া ছবি “আইদেউ- Behind the Screen”। অৰূপ মান্নাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনে ৫৪তম ৰাষ্ট্ৰীয় চলচিত্ৰ পুৰস্কাৰৰ “শ্ৰেষ্ঠ অসমীয়া ছবি” ৰ খিতাপ লাভ কৰে।৮১ মিনিটৰ উক্ত ছবিখনত অভিনয় কৰিছে আইদেউ সন্দিকৈ,চন্দনা শৰ্মা,প্ৰশান্ত কুমাৰ দাস, দুলন বৰা, নবামিকা বৰঠাকুৰ, সপোনটি বৰদলৈ আৰু পিঠুৰাজ গোস্বামীয়ে।

মন যায়ঃ ২০০৮ চনত মুক্তিপ্ৰাপ্ত এই ছবিখন পৰিচালনা কৰিছিল এম মনিৰামে। নৱ প্ৰজন্মৰ সংগ্ৰামৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখনত অভিনয় কৰিছিল জুবিন গাৰ্গ, পবিত্ৰ মাৰ্ঘেৰিটা, জ্ঞানেন্দ্ৰ পল্লব, নৱদ্বীপ বৰগোঁহাই, নিশিতা গোস্বামী আৰু ৰিম্পী দাসে।

বসুন্ধৰাঃ ২০১৫ চনত মুক্তিপ্ৰাপ্ত এই ছবিখনৰ পৰিচালনা হিৰেন বৰাৰ। বৰষা ৰাণী বিষয়া, সৌৰভ হাজৰিকা আৰু বিষ্ণু খাৰঘৰীয়াৰ অভিনয় কৰিছিল এই ছবিখনত। ইয়াৰ সংগীত পৰিচালনা কৰিছিল তৰালী শৰ্মাই।

জেতুকা পাতৰ দৰেঃ ছৈয়দ আব্দুল মালিকৰ “জেতুকা পাতৰ দৰে” উপন্যাসখনৰ ভিত্তিত পৰিচালক যদুমণি দত্তই নিৰ্মাণ কৰিছিল “জেতুকা পাতৰ দৰে” ছবিখন। ৯০ মিনিট দৈৰ্ঘ্যৰ ছবিখনে ৫৮তম ৰাষ্ট্ৰীয় চলচিত্ৰ পুৰস্কাৰৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰিছিল। ২০১১ চনৰ ১৯ আগষ্ট তাৰিখে মুক্তিপ্ৰাপ্ত ছবিখনৰ প্ৰযোজনা কৰিছে মো: নুৰুল চুলতানে। অৰুণ হাজৰিকা, বিষ্ণু খাৰঘৰীয়া, পবিত্ৰ বৰুৱা, জয়ন্ত ভাগৱতী, বিকি, কপিল বৰুৱা, গুণ মহন্ত, দিলীপ ৰঞ্জন দত্ত, পদ্মৰাগ গোস্বামী, ৰীণা বৰা, ভ্ৰান্তি মেধি আদি শিল্পীয়ে অভিনয় কৰিছিল এই ছবিখনত।

বান্ধোনঃ ২৬/১১/২০০৮ মুম্বাইত হোৱা সন্ত্ৰাসবাদ আক্ৰমণৰ পটভূমিত নিৰ্মিত; জাহ্নু বৰুৱাৰ পৰিচালনা আৰু অসম ৰাজ্যিক চলচিত্ৰ নিগমৰ (বিত্ত আৰু উন্নয়ন) প্ৰযোজনাৰে ২০১২ চনত ২৬ অক্টোবৰত মুক্তিপ্ৰাপ্ত এখন ছবি “বান্ধোন” ( Waves of Silence) । ৯৬ মিনিট দৈৰ্ঘ্যৰ ছবিখনে অসমৰ ২৬ টা ছবিগৃহত মুক্তি পোৱা লগতে ৬০ সংখ্যক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাত “শ্ৰেষ্ঠ অসমীয়া ভাষাৰ বোলছবি” ৰ সন্মান লাভ কৰে। ছবিখনত অভিনয় কৰিছিল যতীন বৰা, জেৰিফা ৱাহিদ,বিষ্ণু খাৰঘৰীয়া, বীণা পটংগীয়া, অৱতোষ ভুঞা আৰু অংশুমান ভুঞাই।

অজেয়ঃ জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত ২০১৪ চনৰ ৩ জানুৱাৰীত মুক্তিপ্ৰাপ্ত এখন ছবি হৈছে “অজেয়”। ১১৬ মিনিট দৈৰ্ঘ্যৰ ছবিখন শিৱেন আৰ্টছৰ বেনাৰত শংকৰ লাল গোৱেংকাই প্ৰযোজনা কৰিছে। ১৯৯৭ চনত অৰুণ শৰ্মাৰ সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত উপন্যাস “আশীবাৰ্দৰ ৰং” ৰ পৰা চিনেমাখনৰ কাহিনীভাগ তুলি লোৱা হৈছে। ৰূপম চেতিয়াৰ লগতে ছবিখনত অভিনয় কৰিছে বিষ্ণু খাৰঘৰীয়া, কপিল বৰা, জুপিতৰা ভূঞা, ৰিম্পী দাস, মুনমী কলিতা, সৌৰভ হাজৰিকা, ৰুবী মহন্ত, লক্ষ্মী বৰঠাকুৰ, সঞ্জীৱ খাৰঘৰীয়া, প্ৰতিভা চৌধুৰী, মহেশ বৰা আৰু প্ৰধান দেউৰী আদিকে ধৰি কিছু ন-পুৰণি শিল্পীয়ে।

অথেলোঃ হেমন্ত কুমাৰ দাসৰ পৰিচালনা আৰু মানবেন্দ্ৰ অধিকাৰীৰ প্ৰযোজনাৰে ২০১৭ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবি হৈছে “অথেলো”। “অৰ্থ” বেনাৰত নিৰ্মিত ছবিখনে মুম্বাইত অনুষ্ঠিত হোৱা “ইণ্ডিয়ান চিনে ফিল্ম ফেষ্টিভেল” ত “বেষ্ট স্ক্ৰীনপ্লে” ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। ছবিখনৰ কাহিনী দিয়া ৰঞ্জিত শৰ্মাই এজনী “ক’ল গাৰ্ল” ক মূখ্য চৰিত্ৰত লৈ কৰা এইখনেই প্ৰথম অসমীয়া ছবি বুলি কয়।

কথানদীঃ জোনাকৰ তলত পাটিত বহি আইতাকৰ মুখৰ পৰা সাধু শুনাৰ যি এক সুকীয়া আমেজ সেয়া প্ৰায় শিশুৱে বিচাৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ জনপ্ৰিয় “বুঢ়ী আইৰ সাধু” হৈছে কোনো এটা শিশু পঢ়িব জনা হোৱা পিছৰ প্ৰথমখন সাধু কিতাপ। বৰ্তমানেও প্ৰত্যেকটো শিশুৰ বাবে “বুঢ়ী আইৰ সাধু” জনপ্ৰিয়। “বুঢ়ী আইৰ সাধু” ত সন্নিৱিষ্ট থকা ৪ টা সাধুৰ কাহিনীৰে ভাস্কৰ হাজৰিকা তথা অনুৰূপা হাজৰিকাৰ প্ৰযোজনাৰে নিৰ্মিত হৈছিল “কথানদী”। ছবিখনত অভিনয় কৰিছিল সীমা বিশ্বাস,আদিল হুছেইন, জেৰিফা ৱাহিদ, উৰ্মিলা মহন্ত, কপিল বৰা আৰু
আশা বৰদলৈয়ে।

মাজ ৰাতিৰ কেতেকীঃ ২০১৭ চনত মুক্তিপ্ৰাপ্ত এই ছবিখন পৰিচালনা কৰিছিল সান্ত্বনা বৰদলৈয়ে। আদিল হুচেইন, ছাকিল ইমতিয়াজ, মহেন্দ্ৰ ৰাভা, সুলক্ষণা বৰুৱা আৰু ৰাহুল গৌতম শৰ্মাই অভিনয় কৰিছিল এই ছবিখনত।

ইশ্বুঃ মণিকুন্তলা ভট্টাচাৰ্য্যৰ একে নামৰ উপন্যাসক কেন্দ্ৰ কৰি উৎপল বৰপূজাৰীয়ে এখন ছবি নিৰ্মাণ কৰিছিল ;যাৰ নাম আছিল “ইশ্বু”। উক্ত ছবিখনত অভিনয় কৰিছে কপিল গাৰো, বিষ্ণু খাৰঘৰীয়া, Tonthoingambi Leishangthem Devi (ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত মণিপুৰী অভিনেত্ৰী), চেতনা দাস, প্ৰতিভা চৌধুৰী, নিবেদিতা ভৰালী, মনোজ বৰকটকী আৰু দীপিকা ডেকাই।

বুলবুল কেন – ৰীমা দাসৰ দ্বাৰা পৰিচালিত বহু প্ৰত্যাশিত ছবি “বুলবুল কেন চিং” মুক্তি লাভ কৰিছিল ২০১৮ চনত।ছবিখনৰ কাহিনীভাগ তিনিগৰাকী কৈশোৰৰ লৈংগীক পৰিচয়ৰ লগত হোৱা মুখামুখিক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে।“বুলবুল কেন চিং” ত অভিনয় কৰিছে অঞ্জলী দাস, বণিতা ঠাকুৰীয়া, মনোৰঞ্জন দাস, মনোৰঞ্জন দাস আৰু পাকিজা বেগমে।

বি.দ্ৰঃ উক্ত বঁটা প্ৰাপ্ত কিছু ছবিৰ তথ্য বৰ্তমানেও পোৱা হোৱা নাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform