ক’ৰ’ণা ভাইৰাছৰ ফলত সমগ্ৰ দেশ কঠিনতাৰ সন্মুখীন হৈছে। জনসাধাৰণৰ মুখে মুখে মাস্কৰ লগতে তেওঁলোক জনসমাৱেশৰ পৰা দূৰত থকাও দেখিবলৈ পোৱা গৈছে। এনেক্ষেত্ৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা দেখিবলৈ পোৱা গৈছে। য’ত তেওঁ ৬৫ ৰ উৰ্দ্ধৰ বৃদ্ধ ও ১০ বছৰৰ তলৰ শিশুক বাহিৰ ওলাবলৈ বাধা দিছে; আকৌ তেনেক্ষেত্ৰত অহা ২২ মাৰ্চ অৰ্থাৎ দেওঁবাৰে প্ৰধানমন্ত্ৰীয়ে জনতা কাৰফিউৰ ঘোষণা কৰে (নিজাববীয়াকৈ লোৱা সান্ধ্য আইন)। পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৯ বজালৈ এই কাৰফিউ প্ৰদান কৰাৰ পিছতেই দেশজুৰি আৰম্ভ হৈছে ইয়াৰ বিভিন্ন প্ৰতিক্ৰিয়াৰ। ইয়াৰ লগতে, প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে; দেশৰ এনে সমস্যাৰ সময়ছোৱাতো যিসকল লোকে অইন জনসাধাৰণৰ সেৱাত বৰ্তি আছে, আমি তেওঁলোকৰ ওচৰত কৃতজ্ঞ হোৱাৰ প্ৰয়োজন। সন্ধিয়া ৫ বজাত এইসকল লোকক ধন্যবাদ জ্ঞাপন কৰাৰ অৰ্থে ৫ মিনিটলৈ হাত চাপৰি নাইবা কাঁহী, ঘৰৰ কলিং বেল আদি বজাই তেওঁলোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰে। মোদীৰ এই ভাষণৰ পিছতেই চচিয়েল মিডিয়াত ইয়াৰ সমৰ্থনত বহু চিলেব্ৰটীয়ে পোষ্ট কৰা দেখিবলৈ পোৱা যায়।

চাওঁক এই পোষ্টসমূহঃ
বিগত দিনত “ৱ’ৰ্ল্ড হেল্থ অৰগানাইজেচন” চমুকৈ WHO য়ে ক’ৰ’ণাক মহামাৰী ঘোষিত কৰি দিছে। যোৱা বুধবাৰলৈ পোৱা তথ্য অনুসৰি এই মহামাৰীৰ ফলত পৃথিৱীত হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈ ৯০০০ হাজাৰ পাইচেগৈ। লগতে ভাৰতত ইয়াৰ আগ্ৰাসনত ১৭৩ গৰাকী লোক সোমাইছে আৰু মৃত্যু হৈছে ৪ জন লোকৰ।
উল্লেখ্য যে, বিভিন্ন জন চিলেব্ৰেটীৰ দৰে কাৰ্তিক আৰিয়নেও নিজ স্বভাৱনুযায়ী এটা ভিডিঅ’ প্ৰস্তুত কৰি দৰ্শকৰ আগত উলিয়ায়। ইনষ্টাগ্ৰাম যোগে আপলোড কৰা এই ভিডিঅ’টো প্ৰায় ২ মিনিট ২৪ চেকেণ্ডৰ। ইয়াত তেওঁ জনসাধাৰণক কিছু দিনৰ বাবে সজাগ তথা অধিক লোকৰ সংস্পৰ্শলৈ আহিবলৈ মানা কৰে।
Add comment