Rupaliparda.com
সংগীত পৰিচালক ও কন্ঠশিল্পী "অতুল মেধি"- 1

সংগীত পৰিচালক ও কন্ঠশিল্পী “অতুল মেধি”-

অসমীয়া চলচিত্ৰৰ জনপ্ৰিয় এগৰাকী সংগীত পৰিচালক হৈছে অতুল মেধি। এগৰাকী সফল সংগীত পৰিচালক হোৱাৰ উপৰিও তেওঁ এগৰাকী গায়ক তথা সুৰকাৰো। ১৯৪৪ চনৰ ২৭ জানুৱাৰীত জন্মগ্ৰহণ কৰা অতুল মেধিয়ে সৰুৰ পৰাই লাভ কৰিছিল সাংস্কৃতিক পৰিৱেশ। সৰুতেই তেওঁ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ এটা সময়ৰ ষ্টাফ আৰ্টিষ্ট প্ৰখ্যাত তবলাবাদক খগেন দাসৰ ওচৰত তবলাৰ শিক্ষা গ্ৰহণ কৰিছিল। তবলা শিকাৰ সমান্তৰালকৈ তেওঁ গীত গাবলৈও শিকিবলৈ লয়। বিশিষ্ট শাস্ত্ৰীয় সংগীত শিল্পী হিৰেন শৰ্মাৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা অতুল মেধিয়ে লঘু শাস্ত্ৰীয় সংগীতৰ তালিম লয় সাৰেংগীবাদক ইকবাল হুচেইন খানৰ ওচৰত।


ডনবস্কো হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা এই শিল্পী গৰাকীয়ে অসমৰ এটা সময়ৰ জনপ্ৰিয় “অৰ্কেষ্ট্ৰা” দল “মেলডিকা” ৰ সৈতে জড়িত হোৱাৰ উপৰিও ১৯৭২ চনত মুক্তিপ্ৰাপ্ত ফণী তালুকদাৰ পৰিচালিত ছবি “বিভ্ৰাট” ৰ সংগীত পৰিচালনা কৰিছিল উক্ত “মেলডিকা” দলটোৱে। এই “মেলডিকা” তেই অতুল মেধি আৰু কুল বৰুৱাই লগ পাইছিল; ক্ৰমশ এওঁলোকৰ বন্ধুত্ব বৃদ্ধি পাই দৰ্শকে পিছলৈ এওঁলোকক কুল-অতুলক হিচাপে দেখিবলৈ পালে। ১৯৬৯ চনত অতুল মেধি গুৱাহাটীৰ আকাশবাণী কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত গায়ক ৰূপে পৰিগণিত হোৱাৰ পিছৰে পৰা তেওঁ একক বা দলগত ভাবে গীত পৰিবেশন কৰিছে। আব্দুল মজিদ পৰিচালিত ছবি “বনহংস” ৰ দ্বাৰা অতুল মেধিয়ে প্ৰথম অসমীয়া ছবিত গীত গোৱাৰ সুযোগ লাভ কৰে। ইয়াৰ পিছত তেওঁ দুখন ছবি ক্ৰমে সাদৰী আৰু সেন্দুৰৰ গীতত কন্ঠদান কৰে। “কুল-অতুল” হিচাপে তেওঁলোকে সংগীত পৰিচালনা কৰা কেইখন মান ছবি হ’ল শ্ৰী মতী মহিমাময়ী আৰু সাদৰী; আনহাতে অতুল মেধিয়ে অকলশৰীয়াকৈ সংগীত পৰিচালনা কৰা ছবি দুখন হৈছে মৰম নদীৰ গাভৰু ঘাট আৰু পত্নী।


তেওঁ সংগীত পৰিচালনা কৰা কেইখনমান ধাৰাবাহিক হৈছে কালৰত্ন, জোনাকৰ বৰষুণ, আইনা,বিদ্ৰোহ আৰু খনিকৰ। ১৯৮২-৮৩ চনত “অসম শিল্পী দিৱস সমিতি” ৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাত কুল-অতুলৰ দ্বাৰা সংগীত পৰিচালিত ছবি “সাদৰী” য়ে লাভ কৰে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা আৰু ২০০০ চনত “জ্যোতিৰূপা মিডিয়া এৱাৰ্ড” ত “মৰম নদীৰ গাভৰু ঘাট” ছবিখনৰ বাবে অতুল মেধিয়ে লাভ কৰে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ খিতাপ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform