Rupaliparda.com
পৰিচালক চিম্পল গগৈৰ প্ৰথম ছবি "তুমি যদি কোৱা"- 1

পৰিচালক চিম্পল গগৈৰ প্ৰথম ছবি “তুমি যদি কোৱা”-

২০১৩ চনত মুক্তিপ্ৰাপ্ত এখন সংগীতধৰ্মী অসমীয়া ছবি হৈছে “তুমি যদি কোৱা”। ৰোমান্টিক ধৰ্মী ড্ৰামা এই ছবিখনৰ পৰিচালনা, সংলাপ আৰু চিত্ৰনাট্য আছিল চিম্পল গগৈৰ। এল.এনৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছিল টেৰণ জিতুমণিয়ে। “তুমি যদি কোৱা” ছবিখন আছিল পৰিচালক চিম্পল গগৈৰ প্ৰথমখন ছবি। যোৰহাটত জন্মগ্ৰহণ কৰা চিম্পল গগৈয়ে ১৯৮৮ ৰাছিয়ালৈ যায় আৰু মস্কো ষ্টেট ইউনিভাৰ্ছিটিৰ পৰা বিজ্ঞাপন, সম্পাদনা তথা পৰিচালনাৰ শিক্ষা গ্ৰহণ কৰে। তেওঁ কেইবাখনো অসমীয়া দূৰদৰ্শন ধাৰাবাহিক পৰিচালনা কৰে; ইয়াৰ ভিতৰত আছিল আকাশ, অনুৰাগ তোমাৰ বাবে আদি উল্লেখযোগ্য।

পৰিচালক চিম্পল গগৈৰ প্ৰথম ছবি "তুমি যদি কোৱা"- 2


নৱপ্ৰজন্মৰ সংগ্ৰামৰ ওপৰত ভিত্তি কৰিয়েই ছবিখন নিৰ্মাণ কৰা হৈছিল। ৫০ লাখ টকীয়া বাজেটেৰে নিৰ্মিত এই ছবিখনত এটা মিউজিক ব্ৰেণ্ডৰ কাহিনীক উপস্থাপন কৰা হৈছিল। কিমান সংগ্ৰাম তথা কিমান সাধনাৰ পিছত উক্ত মিউজিক ব্ৰেণ্ডে কেনেদৰে এখন ডাঙৰ ক্ষেত্ৰত অন্তৰ্ভূক্তিৰ সুবিধা লাভ কৰে তাকেই দেখুওৱা হৈছিল ছবিখনত। এই ছবিখনত অন্তৰ্ভূক্ত এটি গীত “তুমি যদি কোৱা” ৰ পৰাই দীক্ষুৱে দৰ্শক ও শ্ৰোতাৰ সন্মুখত চিনাকী লাভ কৰিছিল। ইয়াত অন্তৰ্ভূক্ত গীত সমূহৰ সংগীত আছিল চন্দন বেজবৰুৱাৰ আৰু ইয়াত কন্ঠদান কৰিছিল জুবিন গাৰ্গ, অনন্যা তথা ষ্টুটিমা বশিষ্ঠই।

পৰিচালক চিম্পল গগৈৰ প্ৰথম ছবি "তুমি যদি কোৱা"- 3


ছবিখনত অভিনয় কৰিছিল ৰঞ্জন দত্ত, ৰূপম শৰ্মা, মুনমী কলিতা, জুপিতৰা ভূঞা, প্ৰসেনজিৎ আদিয়ে। ইয়াত মেকআপৰ দায়িত্ব লৈছিল আকাশ গগৈ, সুবাস আৰু বিজেয়েতাই।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.