Rupaliparda.com
ক'ৰ'ণাৰ ফলত বাতিল ৰঙালী বিহু অনুষ্ঠানঃ কাৰ কি মতামত?? 1

ক’ৰ’ণাৰ ফলত বাতিল ৰঙালী বিহু অনুষ্ঠানঃ কাৰ কি মতামত??

ক’ৰ’ণা ভাইৰাছৰ ফলত কেৱল কেওঁদিশে সন্ত্ৰাস। জনবহুল ঠাইৰ পৰা আঁতৰি থকাৰ উপৰিও বৰ্তমান ৰাষ্টাই-পদূলিয়ে জনসাধাৰণৰ পৰিমাণো কমি অহা দেখিবলৈ পোৱা গৈছে। ইজনে সিজনক সজাগ হৈ থকাৰ বাবে পৰামৰ্শ দিয়াৰ উপৰিও অসম চৰকাৰ তথা প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক কেইটামান দিনৰ বাবে ঘৰৰ ভিতৰতে আবদ্ধ হৈ থকাৰ দিহা দিয়ে। পৰিস্থিতি ভয়ানক হোৱাৰ পূৰ্বেই যাতে ইয়াক নিৰ্মূল কৰিব পৰা যায় তাৰেই আশা কৰিছে বৰ্তমান সকলোৱে।বিগত দিনত “ৱ’ৰ্ল্ড হেল্থ অৰগানাইজেচন” চমুকৈ WHO য়ে ক’ৰ’ণাক মহামাৰী ঘোষিত কৰি দিছে। যোৱা বুধবাৰলৈ পোৱা তথ্য অনুসৰি এই মহামাৰীৰ ফলত পৃথিৱীত হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈ ৯০০০ হাজাৰ পাইচেগৈ। লগতে ভাৰতত ইয়াৰ আগ্ৰাসনত ২১৯ গৰাকী লোক সোমাইছে আৰু মৃত্যু হৈছে ৪ জন লোকৰ।

ক'ৰ'ণাৰ ফলত বাতিল ৰঙালী বিহু অনুষ্ঠানঃ কাৰ কি মতামত?? 2

উল্লেখ্য যে, ক’ৰ’ণা ভাইৰাছৰ ফলত আগন্তুক ২২ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনতা কাৰফিউ দিয়াৰ লগতে ৰঙালী বিহু সন্মিলনিয়ে চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া সমূহ ৰঙালী বিহু অনুষ্ঠানৰ কাৰ্যসূচী বাতিল কৰে। বিহু সন্মিলনী বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উক্ত সিদ্ধান্তৰ ফলত বৰ্তমান শিল্পী সমূহৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। ৰঙালী বিহু অনুষ্ঠানতে এজন শিল্পীয়ে এক মোটা অংকৰ ধন উলিয়াই লৈ নিজৰ জীৱন নিৰ্বাহ কৰে বুলি আমি সকলোৱে বুজি পাওঁ। এনেক্ষেত্ৰত, বিহু সন্মিলনীৰ এই সিদ্ধান্তই কিমান জন শিল্পীৰ আমদানিত প্ৰভাৱ পেলাব সেয়া হ’ব লক্ষণীয়। বিহু সন্মিলনীৰ এনে সিদ্ধান্তৰ পিছতেই ৰূপালীপৰ্দাই কেইগৰাকী মান শিল্পীৰ মতামত গ্ৰহণ কৰিছিল। চাওঁচোন আহকঃ

বিদ্যুৎ বিকাশঃ

ক'ৰ'ণাৰ ফলত বাতিল ৰঙালী বিহু অনুষ্ঠানঃ কাৰ কি মতামত?? 3

গুৱাহাটী বিহু ৰক্ষী সমিতিৰ যোৱাকালি লোৱা সিদ্ধান্তত মোৰ ব্যক্তিগত ভাৱে কোনোধৰণৰ দ্বিমত নাই ।কিয়নো বৰ্তমান পৰিপ্ৰেক্ষিতত কৰ’না ভাইৰাছৰ যি ভয়াবহতা অথবা সন্ত্ৰাস আমি সেয়া নিজ চকুৰে দেখি আছো। লগা হ’লে বৰ্তমানৰ বাবে স্থগিত কৰা বিহুবোৰ পিছলৈ পৰিস্থিতি ভাল হ’লে আয়োজন কৰক; আমি তেতিয়া গীত পৰিৱেশন কৰিম। কিন্তু এতিয়া আমি সকলোৱে সজাগ হৈ থকাটো বাঞ্চনীয় । জীৱন থাকিলেহে বিহু থাকিব আৰু আমি নিবিচাৰোঁ এই বিহুটি আমাৰ শেষৰ বিহু হওঁক।

বিদিশা নয়নঃ

ক'ৰ'ণাৰ ফলত বাতিল ৰঙালী বিহু অনুষ্ঠানঃ কাৰ কি মতামত?? 4

চৰকাৰে যিটো পদক্ষেপ লৈছে সেয়া বহুত ভাল হৈছে। আমি ক’ৰ’ণা ভাইৰাছক লৈ সকলোৱে সজাগ হৈছো কাৰণ আমি সকলোৱে বুজি উঠিছো যে ই কিমান ভয়ানক হ’ব পাৰে নাইবা আমি কিমান ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰো। এনেই আমাৰ জনসংখ্যা বেছি; তাতেই বিহু বতৰত মানুহৰ সমাগম বেছি হয়। গতিকে, এনে সময়ত আকৌ বেয়াহে পৰিস্থিতি হ’ব। বিহু অনুষ্ঠান এইবাৰ নহ’লেও হ’ব কিন্ত মানুহৰ জীৱন বোৰ বেছি মূল্যৱান। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলে আমি অহা বছৰ বিহুলৈ স্ফূৰ্তি কৰিম; কিন্তু এতিয়া সুৰক্ষাৰ প্ৰয়োজন।

কুমাৰেশ কৌশিকঃ

ক'ৰ'ণাৰ ফলত বাতিল ৰঙালী বিহু অনুষ্ঠানঃ কাৰ কি মতামত?? 5

বিগত বছৰৰ দৰে এইবছৰো ৰঙালীৰ প্ৰস্তুতি ভালদৰে চলি আছিল যদিও ক’ৰ’ণাৰ বাবে বহু অনুষ্ঠান বাতিল কৰা হৈছে নাইবা পিছুৱাই দিয়া হৈছে। ক’ৰ’ণাৰ প্ৰতি জনসাধাৰণে ল’ব লগা সজাগতাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছিল যদিও আমি কিছু শিল্পী ইয়াৰ বাবে সংকতত পৰিছো। তথাপিও পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি আমি নিজে সজাগ হোৱাৰ লগতে ৰাইজলৈও সজাগ হবলৈ আহ্বান জনাইছো।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform