Rupaliparda.com
দেৱদাস" ওৰফে প্ৰমথেশ বৰুৱাঃ ছবি ক্ষেত্ৰৰ এক চিনাকী নাম- 1

দেৱদাস” ওৰফে প্ৰমথেশ বৰুৱাঃ ছবি ক্ষেত্ৰৰ এক চিনাকী নাম-

ভাৰতৰ প্ৰাক স্বাধীনতা যুগৰ এগৰাকী উল্লেখনীয় অভিনেতা, চলচিত্ৰ পৰিচালক লগতে চিত্ৰনাট্য লেখক হৈছে প্ৰমথেশ বৰুৱা। বাংলা আৰু হিন্দী ছবি ক্ষেত্ৰত অধিক কাম কৰা এই গৰাকী শিল্পীৰ ছবি “অপৰাধী” ত পোন প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল “কৃত্ৰিম পোহৰ” ৰ কৌশল। গোৱালপাৰাস্থিত গৌৰীপুৰৰ এজন জমিদাৰৰ ঘৰত জন্মগ্ৰহণ কৰা এই গৰাকী প্ৰমথেশ বৰুৱাই সৰুতেই “ইউনাইটেড ক্লাৱ” নামে এটি সাংস্কৃতিক সংঘ খুলি স্থানীয়ভাৱে বিভিন্ন নাট মঞ্চস্থ কৰে। লণ্ডনত ছবি নিৰ্মাণৰ কিছু অভিজ্ঞতা লাভ কৰা পিছত প্ৰমথেশ বৰুৱাই পেৰিচলৈ গৈ লাইট বয় হিচাপে কাম কৰে। ছবি নিৰ্মাণৰ প্ৰয়োজনীয় আহিলা পেৰিচৰ পৰা লৈ আনি ভাৰতত তেওঁ পিকচাৰ্ছ লিমিটেড নামে এক ষ্টুডিঅ’ স্থাপন কৰে আৰু এই ষ্টুডিঅ’টোৰ পৰাই প্ৰমথেশ বৰুৱাই তেওঁৰ প্ৰথমখন ছবি “অপৰাধী” ৰ মুক্তি দিয়ে; ইয়াৰ পৰিচালনা কৰিছিল দেৱকী বসুয়ে।

দেৱদাস" ওৰফে প্ৰমথেশ বৰুৱাঃ ছবি ক্ষেত্ৰৰ এক চিনাকী নাম- 2
দেৱদাস" ওৰফে প্ৰমথেশ বৰুৱাঃ ছবি ক্ষেত্ৰৰ এক চিনাকী নাম- 3


উক্ত ছবিখনৰ সফলতাৰ পিছত প্ৰমথেশ বৰুৱাই “ভাগ্যলক্ষ্মী” নামে ছবিখনত খলনায়কৰ চৰিত্ৰ ৰূপায়ন কৰে; এই ছবিখনৰ পৰিচালনা কৰিছিল কালিপ্ৰসাদ ঘোষে। প্ৰথমেশ বৰুৱাই কিছু কাৰণবশতঃ নিউ থিয়েটাৰ্ছত যোগদান দিয়ে আৰু ইয়াতেই তেওঁ নিজ জীৱনৰ ডাঙৰ প্ৰকল্পটো নিৰ্মাণৰ সুযোগ পায়; যাৰ নাম হৈছে “দেৱদাস”। শৰৎ চন্দ্ৰ চট্টোপধ্যায়ৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এই ছবিখন বিশ্বজুৰি জনপ্ৰিয় হৈ উঠে। ২৪ খন ছবি পৰিচালনা কৰাৰ লগতে প্ৰমথেশ বৰুৱাই অভিনয় কৰে মুঠ ১৯ খন ছবিত।

দেৱদাস" ওৰফে প্ৰমথেশ বৰুৱাঃ ছবি ক্ষেত্ৰৰ এক চিনাকী নাম- 4


অধিক মদ্যপানৰ ফলত এই গৰাকী শিল্পীৰ মৃত্যু হয়। নিজ ৪৮ বছৰ বয়সতে তেওঁ মৃত্যুক সাৱটিব লগীয়াত পৰে। ১৯৫১ চনৰ ২৯ নৱেম্বৰ তাৰিখে এই গৰাকী শিল্পীৰ মৃত্যু হয়।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.