Rupaliparda.com
কংগনাই নিজ জন্মদিনক উচৰ্গা কৰিলে দেশৰ নামতঃ 1

কংগনাই নিজ জন্মদিনক উচৰ্গা কৰিলে দেশৰ নামতঃ

বলীউড অভিনেত্ৰী কংগনা ৰাণাওঁটে আজি নিজৰ ৩৩ সংখ্যক জন্মদিন উদযাপন কৰিছে। অভিনেত্ৰী গৰাকীৰ অনুৰাগীয়ে তেওঁক চচিয়েল মিডিয়া যোগে জন্মদিনৰ ভৰপূৰ শুভেচ্ছা জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে। এনে সময়তে, অভিনেত্ৰী গৰাকীয়ে নিজ জন্মদিন দেশৰ বাবে উচৰ্গিত কৰি পেলায়। আজি কংগনা ৰাণাওঁটৰ জন্মদিন হোৱাৰ উপৰিও আজিৰ দিনটোক “শ্বহীদ দিৱস” হিচাপেও উদযাপন কৰা হয়। গতিকে নিজ জন্মদিনটোতে অভিনেত্ৰী গৰাকীয়ে শ্বহীদ ভগত সিঙক মনত পেলাই এটা গান গুনগুনাই আৰু তাক চচিয়েল মিডিয়াত আপলোড কৰে। কংগনাৰ টীমৰ দ্বাৰা এই ভিডিঅ’টো শ্বেয়াৰ কৰা হয় আৰু ইয়াত অভিনেত্ৰী গৰাকীয়ে কয় যে, “আজি মোক মোৰ সকলো বন্ধু, পৰিয়াল তথা আত্মীয় স্বজনে জন্মদিনৰ শুভকামনা জনাইছে; মই আটাইকে ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। আজি এটা গুৰুত্বপূৰ্ণ দিন, আজিৰ দিনটোতেই স্বাধীনতা সেনানী ভগত সিং, ৰাজগুৰু, সুখদেৱক ফাঁচী দিয়া হৈছিল।

https://www.instagram.com/tv/B-EMQ-cFJi2/?utm_source=ig_web_copy_link
কংগনাই নিজ জন্মদিনক উচৰ্গা কৰিলে দেশৰ নামতঃ 2


গতিকে এওঁলোকক উদ্দেশ্যি মই এটি গীত গাবলৈ বিচাৰিছো।” উল্লেখ্য যে, বলীউড অভিনেত্ৰী সকলৰ ভিতৰত কংগনা ৰাণাওঁটৰ নাম উল্লেখনীয়। কোৱা হয়, একোজনক তাৰকাৰ সফলতাৰ আঁৰত একোখন ছবিৰ পৰিচালক থাকে কিন্তু কংগনাৰ ক্ষেত্ৰত এয়া ক’ব পৰা নাযায়। এই অভিনেত্ৰী গৰাকীৰ সফলতাৰ আঁৰত আছে তেওঁ নিজেই। প্ৰায়ে নিজৰ বিভিন্ন মন্তব্যৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰা এই গৰাকী অভিনেত্ৰীৰ প্ৰথমখন ছবিয়ে হৈ উঠিছিল জনপ্ৰিয়। ছবিখনৰ নাম আছিল “গেংগষ্টাৰ”। কংগনাৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ছবি “পংগা” ইও বস্ক অফিচত ভাল লাভালাভ পাবলৈ সক্ষম হৈছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.