Rupaliparda.com
ক'ৰ'ণা ভাইৰাছক হৰুৱাই জঁটাধাৰী চুলিৰে ওলাব ৰণৱীৰ সিংঃ 1

ক’ৰ’ণা ভাইৰাছক হৰুৱাই জঁটাধাৰী চুলিৰে ওলাব ৰণৱীৰ সিংঃ

সমগ্ৰ দেশতে ক’ৰ’ণাৰ ফলত ভয়াৱহতাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। য’ত কেইবাখনো দেশত “লক ডাউন” দি দিয়া হৈছে তাতেই আকৌ কোনো ঠাইত জনসাধাৰণ বাহিৰলৈ ওলাবলৈও ভয় খোৱা দেখিবলৈ পোৱা গৈছে। যদি আমি ছবি ক্ষেত্ৰখনৰ কথা কওঁ তেনেহ’লে ক’ব লাগিব যে, হলীউডৰ বহু তাৰকা বৰ্তমান ক’ৰ’ণা ভাইৰাছৰ আগ্ৰাসনত। তেওঁলোকক সম্পূৰ্ণ আছুঁতীয়াকৈ ৰখা খবৰ আমি দেখিবলৈ নাইবা শুনিবলৈ পাইছো। এনেক্ষেত্ৰতে বলীউডৰ বহু ষ্টাৰ বৰ্তমান নিজ ঘৰৰ ভিতৰত। চচিয়েল মিডিয়াত তেওঁলোকে এইকেইদিনত কি কৰি সময় অতিবাহিত কৰিছে তাৰ কিছু আপডেট দিয়াৰ লগতে কিছু তাৰকাই জনসাধাৰণক সুস্থ আৰু সজাগ হৈ থকাৰো আহ্বান জনায়।

ক'ৰ'ণা ভাইৰাছক হৰুৱাই জঁটাধাৰী চুলিৰে ওলাব ৰণৱীৰ সিংঃ 2
ক'ৰ'ণা ভাইৰাছক হৰুৱাই জঁটাধাৰী চুলিৰে ওলাব ৰণৱীৰ সিংঃ 3


এনে সময়ত কিছু লোক সজাগ হোৱাৰ পৰিৱৰ্তে অধিক ভয় খোৱা দেখিবলৈ পোৱা গৈছে। ফলত এই পৰিস্থিতিক কিছু পৰিমাণে ঠাণ্ডা কৰি ৰাখিবলৈ অভিনেতা ৰণৱীৰ সিঙে এখন ফটো শ্বেয়াৰ কৰে; য’ত তেওঁ নিজৰ এক আশ্চৰ্য্যজনক লুক দৰ্শকৰ আগত দাঙি ধৰে। ক’ৰ’ণা ভাইৰাছৰ পৰা ওলাই অহা সময়ত তেওঁৰ অৱস্থা কি হ’ব পাৰে তাকেই তেওঁ দেখুৱায় দিয়ে এই ফটোখনত। জটাধাৰী চুলি তথা চকুৰ গুৰি ক’লা হৈ পৰা আদি বিভিন্ন আশ্চৰ্য্যকৰ ধৰণে ফটো শ্বেয়াৰ কৰে অভিনেতা গৰাকীয়ে। ইয়াৰ পূৰ্বে ৰণৱীৰ সিঙে নিজ পত্নী ও অভিনেত্ৰী দীপিকাৰ ফটো শ্বেয়াৰ কৰে য’ত অভিনেত্ৰীগৰাকীক প্ৰধান মন্ত্ৰীৰ আহ্বানুসৰি হাত চাপৰি বজাই থকা দেখা যায়।

View this post on Instagram

Me coming out of quarantine

A post shared by Ranveer Singh (@ranveersingh) on


উল্লেখ্য যে, আগন্তুক সময়ত ৰণৱীৰ ও দীপিকাক দেখিবলৈ পোৱা যাব ‘৮৩ শীৰ্ষক ছবিখনত। ১৯৮৩ চনত ভাৰতে জয় কৰা ৱৰ্ল্ডকাপক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল এই ছবিখন। ইতিমধ্যে ছবিখনত ৰণৱীৰ ও দীপিকাৰ ফাৰ্ষ্ট লুক পোষ্টাৰৰ মুকলি কৰা হৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform