বিগত বহু দিনৰ অন্তত ৰাইজৰ সমুখলৈ আহিল অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গ। অসুস্থতাৰ ফলত তেওঁ কিছু সময়ৰ বাবে আঁতৰি জিৰণি লোৱাৰ বাবে মুম্বাইলৈ ৰাওঁনা হৈছিল। ক’ৰ’ণা ভাইৰাছৰ ফলত বিশ্বজুৰি হোৱা হাঁহাকাৰৰ বাবে বৰ্তমান অসম চৰকাৰেও আজি ৬ টা বজাৰ পৰা অহা ৩১ মাৰ্চলৈ “লক ডাউন” ঘোষণা কৰে। এই সময়ছোৱাত সকলোকে নিজ ঘৰতেই থাকিবলৈ আহ্বান জনায় অসম চৰকাৰে। এনে সময়তে, ঠিক একেখিনি আহ্বানৰ লগতে এটি ভিডিঅ’ প্ৰস্তুত কৰে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। ভিডিঅ’টি নিজৰ চচিয়েল মিডিয়া পেজত আপলোড কৰি তেওঁ কয় যে, “বিশেষ কামৰ বাবে মুম্বাইলৈ আহিছিলো যদিও বৰ্তমান আমি ইয়াত ৰৈ গ’লো। কাইলৈৰ পৰা সকলো বিমান সেৱা বাতিল কৰা হ’ব বুলিও শুনিছো গতিকে এতিয়া আমি সচেতন হোৱাৰ সময়। নিজ ঘৰত, নিজ কোঠালিতে সময় কটাওঁক আৰু চৰকাৰক সহযোগিতা আগবঢ়াওঁক।

উক্ত ভিডিঅ’টোত জুবিন গাৰ্গৰ অনুৰাগীৰ বিভিন্ন কমেন্ট দেখিবলৈ পোৱা গৈছে। তেওঁৰ সুস্থ স্বাস্থ্যৰ কামনা কৰি বহুত দিনৰ অন্তত তেওঁক দেখিবলৈ পোৱাত সুখীও হৈ পৰিছে তেওঁৰ বহু অনুৰাগী। উল্লেখ্য যে, অনুৰাগ শইকীয়াৰ “প্ৰজেক্ট বৰগীত” ৰ মুকলি অনুষ্ঠানত অসুস্থ হৈ পৰিছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। তাৰ পিছত তেওঁক ভৰ্তি কৰোৱা হৈছিল নেমকেয়াৰ হাস্পাতালত। প্ৰায় এসপ্তাহৰ অন্তত তেওঁক হাস্পাতালৰ পৰা যাবলৈ দিয়া হয় যদিও চিকিৎসকে তেওঁক জিৰণি লোৱাৰ আহ্বান জনায় ফলত জুবিন গাৰ্গ ৰাওঁনা হৈছিল মুম্বাইলৈ।
Add comment