অসমত ক’ৰ’না ভাইৰাছৰ প্ৰথমটো ষ্টেজ পোৱা নাই যদিও ইয়াক ইমানতেই অন্ত পেলোৱাৰ চেষ্টা কৰিছে সকলো জনসাধাৰণে। নিজক নিজৰ ঘৰতে আৱদ্ধ কৰি ৰখাৰ প্ৰয়াস কৰিছে বৰ্তমান সকলোৱে। নিজৰ মন-পচন্দৰ কাম কৰি সময় অতিবাহিত কৰিছে এতিয়া প্ৰত্যেকেই; ইয়াৰ পৰা পিছ পৰি ৰোৱা কিন্তু চিলব্ৰেটীসকলেও। প্ৰত্যেকদিনাই শ্বুটিঙত ব্যস্ত হৈ থকা অভিনেতা-অভিনেত্ৰী সকলে এইকেইদিনতে নিজ নিজ ভাল লগা কৰ্মৰে সময় পাৰ কৰিছে। কিছুদিন পূৰ্বে অভিনেত্ৰী তনভীকো দেখিবলৈ পোৱা গৈছিল “চিকেন অমলেট” বনাই এটা ভিডিঅ’ প্ৰস্তুত কৰা। এইবাৰ নিজ ভাললগা কৰ্মৰে সময় পাৰ কৰা দেখিবলৈ পোৱা গ’ল জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাসক।


“এম্ব্ৰদাইৰী” কৰি থকা এখন ফটো ইনষ্টাগ্ৰাম যোগে ষ্টেটাছ আপলোড কৰিলে অভিনেত্ৰী গৰাকীয়ে। উল্লেখ্য যে, অসমীয়া ছবিৰ পৰা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ গৈ অসমৰ নাম উজ্বলোৱা অভিনেত্ৰী গৰাকীয়ে হৈছে ৰিম্পী দাস। তিনিচুকীয়াৰ পৰা গুৱাহাটী আৰু গুৱাহাটীৰ পৰা মুম্বাইলৈ গৈ প্ৰায় লাখ লাখ দৰ্শকৰ হৃদয়ত বাস কৰা অভিনেত্ৰী ৰিম্পী দাসৰ অসমীয়া “নন্দিনী” মেগাজিনত ফটো ওলোৱা পিছতেই লৈ লোৱা হৈছিল এখন অসমীয়া ছবি “মনত বিৰিণাৰ জুই” ৰ বাবে। ইয়াৰ পিছতে অভিনেত্ৰী গৰাকীয়ে প্ৰায় ৭খন ছবি, অসমীয়া কেইবাখনো ভিচিড তথা মিউজিক ভিডিঅ’ ত অভিনয় কৰে। ইয়াৰ উপৰিও তেওঁ কহিনুৰ আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতেও জড়িত হৈ পৰে।

অভিনয়ৰ আনুষ্ঠানিক শিক্ষা নথকা স্বত্বেও সুন্দৰ অভিনয়ৰ গৰাকী ৰিম্পী দাসৰ বৰ্তমান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো আছে বহু অনুৰাগী। এমাহ ফুৰিব যোৱাৰ মানসেৰে মুম্বাইলৈ গৈ লাভ কৰিছিল অভিনয়ৰ সুযোগ। বিগ মেজিকৰ জনপ্ৰিয় ধাৰাবাহিক “আকবৰ বীৰবল” আছিল তেওঁৰ প্ৰথমখন হিন্দী ধাৰাবাহিক; য’ত তেওঁ অনাৰকলি চৰিত্ৰটো ৰূপায়ন কৰিছিল। ইয়াৰ পিছতেই তেওঁ “হাজিৰ জাৱাব বীৰবল”, চিয়া কে ৰাম”, “মহাকালি-অন্ত হি আৰম্ভ হে” ইত্যাদি জনপ্ৰিয় ধাৰাবাহিক কেইখনত গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰে।
1 comment