Rupaliparda.com
ক'ৰ'ণা ভাইৰাছৰ লগত বন্ধ হ'ল টিভি চিৰিয়েলঃ একতাই কৰিলে ঘোষণা- 1

ক’ৰ’ণা ভাইৰাছৰ লগত বন্ধ হ’ল টিভি চিৰিয়েলঃ একতাই কৰিলে ঘোষণা-

ক’ৰ’ণা ভাইৰাছৰ ফলত চলিত মাহৰ ১৯ তাৰিখৰ পৰা সকলো টিভি চেনেলৰ ধাৰাবাহিকৰ শ্বুটিং বন্ধ কৰি ৰখা হৈছে। মংগলবাৰে ৰাতিও প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ সকলো জনসাধাৰণক সম্বোধন কৰি ২১ দিনৰ “লক ডাউন” ঘোষণা কৰে। এনেক্ষেত্ৰত টিভি চিৰিয়েল নিৰ্মাতা সকল অসুবিধাৰ সন্মুখীন হৈছে। শ্ব’ সমূহৰ বিকল্প খণ্ড সমূহ ইতিমধ্যে শেষ হ’বলৈ ধৰাত জনপ্ৰিয় ধাৰাবাহিক নিৰ্মাতা একতা কাপুৰে কৰিছে এক ডাঙৰ ঘোষণা। ইনষ্টাগ্ৰামত তেওঁ এক পোষ্টযোগে কয় যে শ্বুটিং কৰিব নোৱাৰাৰ ফলত জি টিভিৰ হিট ধাৰাবাহিক ৰূপে পৰিগণিত “কুমকুম ভাগ্য” আৰু “কুণ্ডলী ভাগ্য” ৰ খণ্ডবোৰ শেষ হয় যোৱাত আকৌ এবাৰ আন এখন জনপ্ৰিয় ধাৰাবাহিকৰ পুনৰাবৃত্তি কৰা হ’ব; ধাৰাবাহিকখনৰ নাম হৈছে “কৰলে তু ভি মোহব্বত”।


ইয়াৰ লগতে তেওঁ কয় যে, “কঠিন সময়, কিন্তু আমি সকলোৱে সকলোৰে হাত ধৰি ইয়াৰ পৰা আগবাঢ়ি যাম। এনে সময়ত আমি “কুণ্ডলী ভাগ্য”, “কুমকুম ভাগ্য” ৰ শ্বুটিং কৰিব নোৱাৰো গতিকে জি টিভিত আপোনালোকে ৯ টাৰ পৰা ১০ টালৈ এই সময়ছোৱাত প্ৰজ্ঞা-অভি, প্ৰীতা-কৰণক দেখাৰ সলনি চাবলৈ পাব ৰাম কাপুৰ আৰু সাক্ষী তন্বৰক।” আমি আমাৰ দৰ্শকক অইন ধৰণে সহায় কৰিব নোৱাৰো কিন্তু এনদৰে মনোৰঞ্জন কৰোৱাই কিছু সকাহটো দিব পাৰো; সেইবাবেই আপোনালোকৰ মাজলৈ আপোনালোকৰ মন পচন্দৰ যুঁটিটোক আকৌ এবাৰ লৈ আনিছো।”

ক'ৰ'ণা ভাইৰাছৰ লগত বন্ধ হ'ল টিভি চিৰিয়েলঃ একতাই কৰিলে ঘোষণা- 2


ইয়াৰ উপৰিও একতা কাপুৰে তেওঁৰ এখন ৱেব চিৰিজ “ৱাৰিশ” ক সম্প্ৰচাৰ কৰিছে। আনহাতে, কাৰ্লাছ চেনেলেও নিজ “বিগ বছ ১৩” ক পুনৰ বাৰ টিভিত সম্প্ৰচাৰ কৰিছে।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.