Rupaliparda.com
ক'ৰ'ণাৰ সময়ছোৱাত আন এক ক্ষতি অসমীয়া সাংস্কৃতিক জগততঃ বলিষ্ঠ অভিনেতা সুৰেণ মহন্তৰ মৃত্যু- 1

ক’ৰ’ণাৰ সময়ছোৱাত আন এক ক্ষতি অসমীয়া সাংস্কৃতিক জগততঃ বলিষ্ঠ অভিনেতা সুৰেণ মহন্তৰ মৃত্যু-

দেশৰ বিভীষিকাৰ সময়ছোৱাত য’ত গোটেই বিশ্বই শ শ লোক হেৰুৱাবলগীয়া হৈছে তেনেক্ষেত্ৰতে আকৌ এক দুঃখবৰে অসমীয়া সাংস্কৃতিক মহলত খলকনি লগাইছে। মঞ্চকে ধৰি অসমীয়া ছবি আৰু সৰু পৰ্দাৰ বলিষ্ঠ অভিনেতা সুৰেণ মহন্তৰ মৃত্য ঘটে বুধবাৰ অৰ্থাৎ ২৫ মাৰ্চৰ দিনা নিশা ৯.৩০ বজাত। তেজপুৰৰ টাইমছ হাস্পাতালত মৃত্যু হয় অভিনেতা গৰাকীৰ। হঠাতে বিষক্ৰিয়া হোৱাৰ ফলত তেওঁক হাস্পাতালত ভৰ্তি কৰোৱা হয় আৰু কিছুসময়ৰ বাবে তেওঁক আই চি ইউৰ ভেন্টলেটৰত ৰখা হয়;কিন্তু অৱশেষত অভিনেতা গৰাকীৰ দেহাৱসান ঘটে। নেফাত চাকৰি কৰিছিল যদিও অভিনয়ৰ প্ৰতি থকা প্ৰৱল ইচ্ছা বাবে তেওঁ চাকৰি এৰি অভিনয় জীৱনত খোজ পেলাইছিল।

ক'ৰ'ণাৰ সময়ছোৱাত আন এক ক্ষতি অসমীয়া সাংস্কৃতিক জগততঃ বলিষ্ঠ অভিনেতা সুৰেণ মহন্তৰ মৃত্যু- 2


গোৱালপাৰাৰ “লখিমী” থিয়েটাৰত কৰা অভিনয় যোগেৰে নিজ অভিনয় জীৱনৰ পাতনি মেলে এই গৰাকী অভিনেতাই। ইয়াৰ পিছতেই তেওঁ এজন অন্ধ যুৱকৰ চৰিত্ৰ ৰূপায়ন কৰে প্ৰফুল্ল বৰাৰ “আকাশীগংগা” নাটখনত; য’ত অভিনয় কৰি তেওঁ দৰ্শকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়। ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ প্ৰায়বোৰ নাটত অভিনীত এই গৰাকী শিল্পীয়ে মৃত্যুৰ আগলৈ অভিনয় কৰিছিল ভ্ৰাম্যমাণত। তেওঁ অভিনীত নাটসমূহ হৈছে ক্ৰমে অন্ধকূপ, মহাত্মা, বন্দীশাল, নীলকন্ঠ,আজিৰ চাণক্য ইত্যাদি।

ক'ৰ'ণাৰ সময়ছোৱাত আন এক ক্ষতি অসমীয়া সাংস্কৃতিক জগততঃ বলিষ্ঠ অভিনেতা সুৰেণ মহন্তৰ মৃত্যু- 3
ক'ৰ'ণাৰ সময়ছোৱাত আন এক ক্ষতি অসমীয়া সাংস্কৃতিক জগততঃ বলিষ্ঠ অভিনেতা সুৰেণ মহন্তৰ মৃত্যু- 4


২০১৮-১৯ বৰ্ষত শেষবাৰৰ বাবে সুৰেণ মহন্তই অভিনয় কৰিছিল থিয়েটাৰ ভাগ্যদেৱীত। জ’নছ মহলীয়াৰ “দূৰণিৰ ৰং” নামে ছবিখনৰ দ্বাৰা ছবি জগতত খোজ পেলোৱা সুৰেণ মহন্তই পিছলৈ গুণ গুণ গানে গানে, সোণমইনা, ৰক্তবীজ আদি ছবিতো অভিনয় কৰে। উল্লেখ্য যে, মৃত্যুৰ সময়ছোৱাত তেওঁ পত্নী আৰু চাৰি পুত্ৰক এৰি থৈ যায়।

2 comments

Leave a Reply

The Ultimate Managed Hosting Platform