Rupaliparda.com
"ঘৰতে সোমাই থাক"- কেনী বসুমতাৰী 1

“ঘৰতে সোমাই থাক”- কেনী বসুমতাৰী

হাস্যৰসিক ভিডিঅ’ৰে এইবাৰ কেনী বসুমতাৰীয়ে কৰিলে ঘৰতে থকাৰ আহ্বান। “লক ডাউন” ৰ সময়ছোৱাত য’ত একাংশই ঘৰতে আৱদ্ধ থকাৰ চেষ্টা কৰিছে তেনে সময়তে আকৌ একাংশৰ মূখাৰ্মিও পৰিলক্ষিত হৈছে। অতি প্ৰয়োজন নহ’লে বাহিৰলৈ ওলাবলৈ বাধা প্ৰদান কৰাৰ পিছতো অবাবত ওলাই অহা দেখিবলৈ পোৱা গৈছে একাংশ ৰাইজক। সাধাৰণজনৰ লগতে শিল্পী, কলা-কুশলী আদিয়েও পাৰ্যমানে একোটা মেছেজ শ্বেয়াৰ কৰি দৰ্শকক বিভিন্ন ধৰণে সচেতন হৈ থকাৰ আহ্বান জনাইছে। কিছুদিন পূৰ্বে মুকাভিনয় শিল্পী মিনাংক ডেকাই মাইমেৰে দৰ্শকক ক’ৰ’ণাৰ সজাগ বাৰ্তা প্ৰেৰণৰ চেষ্টা কৰিছিল আৰু ইয়াৰ পিছতেই হাস্যৰসিক ভাৱে এই প্ৰচেষ্টা আগবঢ়াইছে পৰিচালক ও অভিনেতা কেনী বসুমতাৰীয়ে।


ইউটিউবৰ জনপ্ৰিয় চেনেল “Heavy Budget” ত “ঘৰতে সোমাই থাক” শীৰ্ষক এক ভিডিঅ’ দৰ্শকৰ মাজলৈ লৈ অনা হৈছে। উক্ত চেনেলটোৱে দীৰ্ঘদিনৰ পৰাই কিছুমান হাস্যৰসিক ভিডিঅ’ৰ সৃষ্টি কৰি দৰ্শকক আমোদ প্ৰদান কৰি আহিছিল। বৰ্তমানৰ এই বিজ্ঞান ভিত্তিক তথা জটিল জীৱন যাত্ৰাত হাঁহিবলৈ পাহৰা জনসাধাৰণক অকণমান হাঁহিবলৈ অৱকাশ দিছে “Heavy Budget” চেনেলটোৰ এই ভিডিঅ’ সমূহে। উক্ত চেনেলটোৰ বিভিন্ন ভিডিঅ’ত অভিনয় কৰিছে পূৰ্বতে আপোনালোকে দেখিবলৈ পোৱা “লোকেল কুংফু” ছবিখনৰ অভিনেতাক। “লোকেল কুংফু” ত কৰা অভিনয়েৰে দৰ্শকৰ হৃদয় জিনা এই অভিনেতা সমূহেই আৰম্ভ কৰিছে “Heavy Budget”।

"ঘৰতে সোমাই থাক"- কেনী বসুমতাৰী 2


“ঘৰতে সোমাই থাক” শীৰ্ষক এই ভিডিঅ’টো ২৪ ঘন্টা হোৱাৰ পূৰ্বেই ই লাভ কৰিলে দৰ্শকৰ সমাদৰ। ৩ মিনিট ৩০ চেকেণ্ড দৈৰ্ঘ্যৰ উক্ত ভিডিঅ’টোত অভিনয় কৰিছে কেনী বসুমতাৰীয়ে নিজেই আৰু তেওঁৰ সৈতে ভিডিঅ’টোত সহযোগ কৰিছে টনী দেউৰী বসুমতাৰীয়ে। উল্লেখ্য যে, এই ভিডিঅ’টোত “ক’ৰ’ণা ভাইৰাছ” সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ তথ্যও দিছে শিল্পী দুগৰাকীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform