Rupaliparda.com
ক'ৰ'ণাৰ মাজতেই প্ৰিয়ংকা ভৰালীৰ ৰোমাঞ্চঃ মুক্তি পালে "এবাৰ চোৱানা" - 1

ক’ৰ’ণাৰ মাজতেই প্ৰিয়ংকা ভৰালীৰ ৰোমাঞ্চঃ মুক্তি পালে “এবাৰ চোৱানা” –

“ক’ৰ’ণা ভাইৰাছ” ৰ এই সময়ছোৱাত সকলো দিশে কেৱল সন্ত্ৰাসে বিৰাজ কৰিছে। কোনো অইন বাতৰিয়ে যেন শিৰোনাম দখল কৰা নাই এইকেইদিন; চাৰিওফালে “ক’ৰ’ণা ভাইৰাছ”-এ আগ্ৰাসন কৰি পেলাইছে সকলোকে। মৃত্যুৰ হাৰ বাঢ়ি যোৱা লগে লগেই এতিয়া সকলোৱে নিজকে নিজে আৱদ্ধ কৰি ৰাখিছে ঘৰৰ ভিতৰত। কোনোৱে যদি কিতাপ পঢ়িছে তাতেই আকৌ কোনোৱে গান শুনি সময় কটাইছে। এনেক্ষেত্ৰতে, গান শুনি ভালপোৱা সকললৈ এক সুখবৰ। বহু সময়ৰ অন্তত শ্ৰোতাৰ মাজলৈ আহিছে কন্ঠশিল্পী প্ৰিয়ংকা ভৰালী। ২০০৯ চনতে তেওঁ এই সংগীত ক্ষেত্ৰখনত প্ৰফেচনেলি সোমাই পৰিছিল; তেওঁৰ প্ৰথমটো গীত আছিল “জানমণি” ভিচিডিৰ “কাহিলী পুৱাতে জান ঐ”।


ইয়াৰ পিছৰ পৰাই তেওঁ কেইবাটাও গীতত কন্ঠদান কৰি শ্ৰোতাক গুণমুগ্ধ কৰি তুলছিল। ইয়াৰ ভিতৰত আছিল “অকুৱা পকুৱা”, “হেভি হেণ্ডচাম”, টেক্সি গাড়ী” লৈ ইত্যাদি। মিলিয়নৰ অংকত ভিউৱাৰচ তেওঁৰ প্ৰতিটো গীতত। এইবাৰ তেওঁ এক ৰোমান্টিক গীত ” এবাৰ চোৱানা” ৰ সৈতে আহিছে। ইতিমধ্যে গীতটিয়ে মুক্তি লাভ কৰিছে ইউটিউবত; বিগত বহুদিনৰ পৰাই গীতটিক লৈ বিভিন্ন ধৰণৰ পোষ্ট দি দৰ্শকৰ মাজত এক উৎসাহৰ সৃষ্টি কৰি ৰাখিছিল কন্ঠশিল্পী গৰাকীয়ে।


উল্লেখ্য যে,প্ৰিয়ংকাৰ ভৰালীৰ কন্ঠৰে শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত এই ৰোমান্টিক গীতটি লিখিছে কল্লোল কাশ্যপ মহন্তই আৰু ইয়াত সংগীত দিছে ত্ৰিয়ন মহন্তই। গীতটি কম্পোজ কৰিছে ৰোহিত সোনাৰে লগতে গীতটিৰ ভিডিঅ’ পৰিচালনা তিৰাপ সীমান্ত মেধিৰ। আনহাতে, গীতটিৰ ভিডিঅ’ ত প্ৰিয়ংকা ভৰালীৰ সৈতে অভিনয় কৰিছে প্ৰশান্ত তিৱাৰীয়ে।

Add comment

Leave a Reply