Rupaliparda.com
"এটা নিৰ্দ্দিষ্ট মানদণ্ড ৰাখি গান গোৱাৰ চেষ্টা কৰিছো"- বাবন বৰ্ণিল 1

“এটা নিৰ্দ্দিষ্ট মানদণ্ড ৰাখি গান গোৱাৰ চেষ্টা কৰিছো”- বাবন বৰ্ণিল

অসমীয়া সংগীত ক্ষেত্ৰখন আন সকলোবোৰ সাংস্কৃতিক ক্ষেত্ৰৰ দৰেই চহকী। এই ক্ষেত্ৰখনত থকা প্ৰতিভা সমূহ আমি নুই কৰিব নোৱাৰো। এই ক্ষেত্ৰখনত থকা এগৰাকী কন্ঠশিল্পী হৈছে বাবন বৰ্ণিল। “তলা লগাই থ”, “মৰম লাগি যায়”, “অ’ ৰহিমলা”, “কালদিয়া নৈ” আৰু কেইবাটাও জনপ্ৰিয় গীতৰ গৰাকী হৈছে বাবন বৰ্ণিল। ইউটিউবত ভিউৱাৰচৰ বহুল সমাৱেশ ঘটোৱা এই গৰাকী কন্ঠশিল্পীৰ কিছুদিন পূৰ্বে মুক্তি পাইছিল “সোণচেং” শীৰ্ষক এটি গীত। আছলতে, মুক্তিৰ পিছত গীতটিয়ে ইউটিউবত লাভ কৰিবলৈও সক্ষম হৈছিল অধিক ভিউৱাৰচ।

"এটা নিৰ্দ্দিষ্ট মানদণ্ড ৰাখি গান গোৱাৰ চেষ্টা কৰিছো"- বাবন বৰ্ণিল 2


“ক’ৰ’ণা ভাইৰাছ” ৰ এনে জটিল সময়ছোৱাত আপোনালোকক কিছু সময়ৰ সকাহ দিয়াৰ বাবে ৰূপালীপৰ্দাই লৈ আনিছে এইগৰাকী শিল্পীক আপোনালোকৰ মাজলৈ। দেওঁবৰীয়া বিশেষত আমি আজি কিছু কথা পাতিম বাবন বৰ্ণিলৰ সৈতে; চাওঁচোন আহকঃ

প্ৰশ্নঃ আপুনি সংগীত ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত?

"এটা নিৰ্দ্দিষ্ট মানদণ্ড ৰাখি গান গোৱাৰ চেষ্টা কৰিছো"- বাবন বৰ্ণিল 3

বাবন বৰ্ণিলঃ সংগীত ক্ষেত্ৰখনত জড়িত বুলি ক’বলৈ গ’লে মই সৰুৰ পৰাই জড়িত হৈছিলো বুলি ক’ব লাগিব; স্কুলত অৰ্থাৎ ষষ্ঠ শ্ৰেণীত পঢ়ি থকা অৱস্থাতেই মই মঞ্চত গীত পৰিৱেশন কৰিছিলো। গতিকে, এই সংগীতৰ যাত্ৰাটো তেতিয়াৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ বৰ্তি আছে।

প্ৰশ্নঃ বৰ্তমান এই ক্ষেত্ৰখনত বহু শিল্পীৰ সমাগম ঘটিছে; তেওঁলোকৰো কিছু গীত জনপ্ৰিয় হোৱা আমি দেখিবলৈ পাওঁ। গতিকে, এনেক্ষেত্ৰত আপোনাৰ গীত সমূহত কি ব্যতিক্ৰম থাকে বুলি আপুনি ভাৱে?

"এটা নিৰ্দ্দিষ্ট মানদণ্ড ৰাখি গান গোৱাৰ চেষ্টা কৰিছো"- বাবন বৰ্ণিল 4

বাবন বৰ্ণিলঃ মোৰ গীতত ব্যতিক্ৰম আছে বুলি মই একাষাৰেই কৈ দিবলৈ বিচৰা নাই; কিন্তু বৰ্তমানলৈ যিমানখিনি কাম কৰিছো সেই আটাইখিনিতে “Minimum Standard” এটা ৰখাৰ প্ৰয়াস কৰিছো। আৰু, এতিয়া সংগীত ক্ষেত্ৰখনত বহু নতুন শিল্পী আহিছে; মই নিজেও নতুন আছলতে। গতিকে, আমি যাতে সকলোৱে এটা নিৰ্দ্দিষ্ট মানদণ্ড ৰাখি কামবোৰ কৰিব পাৰো তাকেই ৰূপালীপৰ্দাৰ জৰিয়তে ক’বলৈ বিচাৰিছো। লগতে, মই নিজেও এই চেষ্টা অব্যাহত ৰাখিছো।

প্ৰশ্নঃ সংগীত ক্ষেত্ৰখনত কেতিয়াবা সুবিধা পালে কোন জন গায়ক/ গায়িকাৰ সৈতে মঞ্চত একেলগে গীত পৰিৱেশন কৰা ইচ্ছা?

"এটা নিৰ্দ্দিষ্ট মানদণ্ড ৰাখি গান গোৱাৰ চেষ্টা কৰিছো"- বাবন বৰ্ণিল 5

বাবন বৰ্ণিলঃ এইটো প্ৰশ্নৰ উত্তৰত হয়টো সকলো নৱপ্ৰজন্মৰ কন্ঠশিল্পীয়ে এজনৰে নাম ল’ব আৰু সেইজন হ’ল জুবিন গাৰ্গ। ইয়াৰ লগতে আছে অংগৰাগ পাপন দা; অসমৰ এই দুইগৰাকী শিল্পীৰ সৈতে মঞ্চ ভাগ কৰা মোৰ যথেষ্ট ইচ্ছা। ইয়াৰ উপৰিও বলীউডত ক’বলৈ গ’লে এ.আৰ.ৰহমান আৰু চনু নিগম; এওঁলোকৰ সৈতে মঞ্চ ভাগ কৰাটো দূৰৰ কথা মোৰ গীতো যদি শুনাব পাৰো তেতিয়াহ’লে এগৰাকী শিল্পী ৰূপে মই ধন্য হৈ যাম।

প্ৰশ্নঃ ক’ৰ’ণাৰ সজাগতাৰ বাবে প্ৰধানমন্ত্ৰীয়ে দিয়া “লক ডাউন” ৰ বিষয়ে আপুনি নিশ্চয় গম পায়। এনেক্ষেত্ৰত আপুনি জনসাধাৰণক সজাগ হ’বলৈ কি ক’বলৈ বিচাৰিব?

"এটা নিৰ্দ্দিষ্ট মানদণ্ড ৰাখি গান গোৱাৰ চেষ্টা কৰিছো"- বাবন বৰ্ণিল 6

বাবন বৰ্ণিলঃ আমি সকলোৱে ইতিমধ্যে দেখিছো যে “ক’ৰ’ণা ভাইৰাছে” কেনে এটা মাৰাত্মক ৰূপ ধাৰণ কৰিছে; গতিকে এনেক্ষেত্ৰত আমি সকলোৱে নিজেই সজাগ হোৱা উচিত। অন্ততঃ এই বাকী থকা ১৭ টা দিন যেন কোনো ক’তো অপ্ৰয়োজনীয় ভাৱে ওলাই নাযায় মই তাৰেই আহ্বান জনাইছো দৰ্শকৰ আগত। আমি যদি এই দিনকেইটা সজাগ হওঁ তেনেহ’লে আমি ক’ৰ’ণা ভাইৰাছক হৰুৱাব পাৰিম।

প্ৰশ্নঃ আপোনাৰ আগন্তুক প্ৰজেক্টৰ বিষয়ে জানিব বিচাৰিম।

"এটা নিৰ্দ্দিষ্ট মানদণ্ড ৰাখি গান গোৱাৰ চেষ্টা কৰিছো"- বাবন বৰ্ণিল 7

বাবন বৰ্ণিলঃ আগন্তুক প্ৰকল্প বহু কেইটা হাতত আছে। বান্ধৱী পুনমৰ সৈতে যুঁটীয়াভাৱে গোৱা এটি গীত বহাগ বিহুৰ পূৰ্বে মুক্তি লাভ কৰিব লগতে, সকলোৰে পৰিচিত পলাশ সূৰ্য্য গগৈ দাদাৰ সৈতে বিহুৰ পিছতে মুক্তি পাবলগীয়া এটি গীত মই কৰি আছো। এনেদৰে কেইটামান প্ৰজেক্ট আছে; ৰাইজে লাহে-ধীৰে শুনিবলৈ পাব।

ধন্যবাদ দাদা। আপোনাৰ মনৰ কথা আমাক জনোৱাৰ বাবে।

বাবণ বৰ্ণিলঃ ধন্যবাদ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform