Rupaliparda.com
"মোৰ স্বামীয়ে মোক প্ৰত্যেকটো সময়ত গৌৰম্বান্বিত কৰি তোলে"- টুইংকল খান্না 1

“মোৰ স্বামীয়ে মোক প্ৰত্যেকটো সময়ত গৌৰম্বান্বিত কৰি তোলে”- টুইংকল খান্না

যেতিয়াই দেশত দূৰ্যোগ হয়; তেতিয়াই এগৰাকী অভিনেতাক আগ-ভাগ লোৱা দেখিবলৈ পোৱা যায়। এইগৰাকী অভিনেতাৰ নাম হৈছে অক্ষয় কুমাৰ । ছবিসমূহত কৰা অভিনয়ৰ বাবে তেওঁক “খিলাড়ী” নাম দিয়া হৈছিল যদিও প্ৰকৃতাৰ্থত দেশৰ বাবে কৰা বিভিন্ন কামৰ বাবেও তেওঁক “খিলাড়ী” ক’ব পৰা যায়। “ক’ৰ’ণা ভাইৰাছ” ৰূপী এনে দূৰ্যোগৰ সময়ছোৱাত অক্ষয় কুমাৰে নিজ জমাধনৰ পৰা ২৫ কোটি টকা দেশৰ সেৱাৰ অৰ্থে প্ৰদান কৰে। অভিনেতা গৰাকীয়ে এক টুইটৰ দ্বাৰা এই কথাৰ জাননী দিয়ে। তেওঁ কয় যে,

"মোৰ স্বামীয়ে মোক প্ৰত্যেকটো সময়ত গৌৰম্বান্বিত কৰি তোলে"- টুইংকল খান্না 2


“এইটো এনে সময়ত য’ত প্ৰত্যেকৰে জীৱন বোৰ এক প্ৰশ্ন হৈ পৰিছে আৰু এইটো সময়ত আমি কিবা এটা দৰকাৰ যিটো আমি কৰিব পাৰো। মই মোৰ জমাৰ পৰা ২৫ কোটি টকা প্ৰধানমন্ত্ৰী “ৰাহত কোষ” ত দান দিয়াৰ প্ৰতিজ্ঞা কৰিছো। আহক, আমি জীৱন বচাওঁ। “জান হে তৌ জাহান হে”

https://twitter.com/akshaykumar/status/1243867585294131201?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1243881516855447554&ref_url=https%3A%2F%2Fwordpress-459758-1440234.cloudwaysapps.com%2Fwp-admin%2Fpost.php%3Fpost%3D12327%26action%3Dedit


সমগ্ৰ ভাৰতবৰ্ষই তেওঁৰ প্ৰশংসা কৰাৰ পিছতেই তেওঁৰ পত্নী ও অভিনেত্ৰী টুইংকল খান্নাই নিজ স্বামীক লৈ গৌৰম্বান্বিত বুলি এক টুইট কৰে। তেওঁ কয় যে, এই ব্যক্তি গৰাকীয়ে সদায় মোক গৌৰৱ অনুভৱ কৰায়। মই যেতিয়া তেওঁক টকাটো দিয়াৰ ক্ষেত্ৰত সুধিছিলো যে আপুনি কি সঁচাকৈ এই ধন দিব বিচাৰিছে কাৰণ আমি আকৌ জমা কৰিব লাগিব। তেতিয়া তেওঁ উত্তৰ দিছিল যে আগতে মোৰ তাত একো নাছিল; এতিয়া মোৰ তাত থকাত মই পিছ দিব নোৱাৰো। একো নথকা লোকক মই সহায় কৰিব বিচাৰো।”


ইয়াৰ পূৰ্বতেও অসমত হোৱা বানপানী সময়ছোৱাত ২ কোটি টকা দান কৰিছিল অভিনেতা গৰাকীয়ে। এই গৰাকী অভিনেতাৰ এনে মহানুভৱতাক বৰ্তমান প্ৰত্যেকজনে সমাদৰ জ্ঞাপন কৰিছে। তেওঁ ভাৰতত হোৱা দূৰ্যোগৰ সময়ছোৱাত সদায় আগবাঢ়ি আহে; অক্ষয় কুমাৰে এগৰাকী ভাল অভিনেতাৰ চিনাকী দিয়াৰ লগতে এগৰাকী ভাল হৃদয়ৰ লোক হিচাপেও ৰাইজৰ সঁহাৰি লাভ কৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform