ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজ নাম জিলিকোৱা অসম সন্তান আদিল হুচেইনে প্ৰস্তুত কৰিলে “ক’ৰ’ণা ভাইৰাছ” ক উদ্দেশ্যি এক ভিডিঅ’। বিগত ৪- ৫দিন ধৰি সমগ্ৰ ভাৰতবৰ্ষত থকা “লক ডাউন”-এ ৰাইজক ইতিমধ্যে হতাশ কৰি তুলিছে। তথাপিও ঘৰত থাকিলেহে সুস্থ হৈ থাকিব; এই কথাষাৰৰ স্বাৰ্থতহে বৰ্তমান প্ৰত্যেজন জনসাধাৰণ ঘৰৰ ভিতৰতে থাকি “ক’ৰ’ণা ভাইৰাছ” ৰ দৰে এই মহামাৰীবিধ সোনকালেই আঁতৰাবলৈ চেষ্টা কৰিছে। এনে ক্ষেত্ৰতে জনসাধাৰণেই হওঁক নাইবা বলীউড তাৰকাই নহওঁক কিয়; সকলোৱে কিছু বাৰ্তা যোগেৰে ইজনে আনজনক সজাগ, সতৰ্ক আৰু সচেতন হৈ থকা পৰামৰ্শ আগবঢ়াইছে। “লক-ডাউন” ৰ যি নীতি-নিয়ম তাক যাতে উলংঘা নকৰি সকলোৱে ঘৰতে থাকে বাৰে বাৰে তাৰেই অনুৰোধ কৰিছে এতিয়া সকলোৱে সকলোকে।

এনেদৰেই, সেই একেখিনি অনুৰোধৰ সৈতে ওলাই আহিছে অভিনেতা আদিল হুচেইন। ভয় নাখাবলৈ আৰু দৃঢ় প্ৰতিজ্ঞ হৈ ভাইৰাছবিধৰ সৈতে মোকাবিলা কৰিবলৈ আহ্বান জনাইছে অভিনেতাগৰাকীয়ে। লগতে তেওঁ কয় যে, “মই বিগত ১৫ দিন হ’ল,এই ঘৰটোতে আছুঁতীয়াকৈ নিজক আৱদ্ধ কৰি ৰাখিছো। ঢাকাত হৈ থকা এটা শ্বুটিং এইবোৰৰ বাবে যেতিয়া ৰখাই দিয়া হ’ল; মই উভতি আহি নিজক আছুতীয়াকৈ ৰাখিছো। গতিকে এই ২১ টা দিন আপোনালোকেও এনেদৰেই থাকক।”
আপোনালোকক এইখিনিতে জনাই থওঁ যে, জলীউড, বলীউড তথা হলীউড এই তিনিওটা ক্ষেত্ৰতেই সমানেই চৰ্চিত এগৰাকী অসম সন্তান; অসমৰ গোৱালপাৰা জিলাত জন্মগ্ৰহণ কৰা এই গৰাকী অসম সন্তানৰ কেৱলমাত্ৰ অভিনয়েই নহয়; তেওঁৰ ব্যক্তিত্বয়েও অসমকে ধৰি বাহিৰৰ প্ৰায় সমগ্ৰ লোকক নিজৰ অনুৰাগী কৰি তুলিছে। শিক্ষা জীৱনত তেওঁ বহু কেইখন নাটকত অভিনয় কৰাৰ লগতে “ভায়ামামা” নামৰ জনপ্ৰিয় নাটক গোষ্ঠীৰ সৈতেও তেওঁ ব্যংগাত্মক চৰিত্ৰ ৰূপায়ন কৰাৰ সুযোগ লাভ কৰিছিল। ইয়াৰ পিছত আদিল হুচেইনে দিল্লীস্থিত “ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়” তথা লণ্ডনৰ “ড্ৰামা ষ্টুডিঅ’ লণ্ডন” ত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰে।

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰী দেৱী লগতে দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতেও অসম সন্তান ও অভিনেতা আদিল হুচেইনে অভিনয় কৰাৰ সুবিধা লাভ কৰে। ইয়াৰ উপৰিও, ইটালীৰ পৰিচালক Italo Spinelli ৰ দ্বাৰা পৰিচালিত ‘Gangor’, আৰু মীৰা নায়াৰৰ ‘দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট’ লগতে এং লীৰ ‘লাইফ অৱ পাই’ ইত্যাদি হলীউডৰ জনপ্ৰিয় ছবিত অভিনয় কৰাৰ সুবিধা লাভ কৰে।

আদিল হুচেইনে নাটক, চিনেমা আদিত কৰা অভিনয়েৰে দৰ্শকৰ হৃদয় জিনা লগতে তেওঁ দূৰদৰ্শনৰ ধাৰাবাহিক “জাচুছ বিজয়”, “ডক্টৰ, নাৰ্ছ এণ্ড পেছেণ্ট” আৰু “ইনফেক্টেড” ত অভিনয় কৰে। কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত “গুড ন্যুজ” ত এগৰাকী ডাক্তৰ চৰিত্ৰত দেখিবলৈ পোৱা গৈছিল এই গৰাকী অভিনেতাক। যিখন ছবিত অক্ষয় কুমাৰ, কৰীণা কাপুৰ, কিয়াৰা আদৱানী তথা দিলজিৎ দোসাঞ্জে অভিনয় কৰিছিল আৰু ই ছবিগৃহত এখন হিট ছবি ৰূপে পৰিগণিত হৈছিল।
Add comment