Rupaliparda.com
কোনো অনুদান নিদিয়াৰ ফলত ৰাইজৰ ৰোষত কিং শ্বাহৰুখ খানঃ 1

কোনো অনুদান নিদিয়াৰ ফলত ৰাইজৰ ৰোষত কিং শ্বাহৰুখ খানঃ

“ক’ৰ’ণা ভাইৰাছ” ৰ ফলত সমগ্ৰ বিশ্ব স্তদ্ধ হৈ পৰিছে। ২১ দিনৰ “লক-ডাউন” ৰ ফলত সমগ্ৰ দেশৰ অৰ্থব্যৱস্থাত গুৰুত্বৰ প্ৰভাৱ পৰা প্ৰতিফলিত হৈছে। এনেক্ষেত্ৰত, বৰ্তমান চৰকাৰে সমগ্ৰ জনসাধাৰণ ও চিলব্ৰেটী সমূহক “PM CARES FUND” লৈ যিজনে যেনেদৰে পাৰে তেনেদৰে অনুদান আগবঢ়াবলৈ অনুৰোধ কৰিছিল। চৰকাৰৰ এনে অনুৰোধৰ পিছতেই বহু চিলেব্ৰেটী ওলাই অহা দেখিবলৈ পোৱা গৈছিল। য’ত অসমীয়া শিল্পী জুবিন গাৰ্গ আৰু যতীন বৰাই ১ লাখ টকাকৈ আগবঢ়াইছিল তাতেই আকৌ বলীউড তাৰকা অক্ষয় কুমাৰে ২৫ কোটি টকা “ৰাহত কোষ” লৈ আগবঢ়ায়।

কোনো অনুদান নিদিয়াৰ ফলত ৰাইজৰ ৰোষত কিং শ্বাহৰুখ খানঃ 2


এনে পৰিপ্ৰেক্ষিততে, বলীউড কিং শ্বাহৰুখ খানে কোনোধৰণৰ অনুদান আগ নবঢ়োৱাৰ ফলত জনসাধাৰণৰ ৰোষত পৰিছিল অভিনেতা গৰাকী। কিন্তু অভিনেতা গৰাকীৰ অনুৰাগীয়ে দেওঁবাৰে টুইটাৰত অন্য এক ট্ৰেণ্ডৰহে আৰম্ভণি কৰে; য’ত থাকে #StopNegativityAgainstSRK। উক্ত “হেছটেগ” দি পেলাই তেওঁৰ অনুৰাগীয়ে কিং খানে আগবঢ়োৱা পূৰ্বৰ ডনেশ্বন সমূহ শ্বেয়াৰ কৰিবলৈ লয়।

https://twitter.com/iam_Priya_garg/status/1244219554005315591


উল্লেখ্য যে, দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্ত, প্ৰভাস, আলু অৰ্জুন, মহেশ বাবু, চিৰঞ্জীৱীৰ লগতে বলীউডৰ ঋত্বিক ৰোশন, ভূষণ কুমাৰ, ৰণদ্বীপ হুড্ডা আৰু কপিল শৰ্মাই সামৰ্থ্যনুযায়ী নিজ নিজ অনুদান আগবঢ়ায়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform