Rupaliparda.com
দৰ্শকক গীতৰ জৰিয়তে সজাগ কৰাৰ চেষ্টা অভিনেতা নয়ন নীলিমৰঃ 1

দৰ্শকক গীতৰ জৰিয়তে সজাগ কৰাৰ চেষ্টা অভিনেতা নয়ন নীলিমৰঃ

আগন্তুক অসমীয়া “বন্ধু” ছবিখনৰ শীৰ্ষ গীতটিক পৰিৱৰ্তিত কৰা হ’ল “ক’ৰ’ণা ভাইৰাছ” ৰ গীতলৈ। জনসাধাৰণক সজাগ আৰু সচেতন কৰাৰ অৰ্থে এই প্ৰচেষ্টা কৰিছে নয়ন নীলিম ও তেওঁৰ বন্ধুবৰ্গই। কেৱল মাত্ৰ গীতৰ কথা সলনি কৰি প্ৰস্তুত কৰা হৈছে এই গীতটিক। “কভিড ১৯” ৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধনতাসমূহো দেখুওৱা হৈছে এই এই গীতটিত। নয়ন নীলিমে নিজেই অভিনয় কৰা এই নতুন গীতটিত কথা দিছে কেশৱ নয়নে। বিভিন্ন জন অসমীয়া শিল্পীয়ে বিভিন্ন ধৰণে প্ৰচেষ্টা চলাইছে এই মাৰাত্মক মহামাৰী বিধৰ বিৰুদ্ধে জনসাধাৰণ অকণমান সজাগ কৰিবলৈ; গতিকে ইয়াৰ পৰা পিছ হুহঁকা নাই ডেম-ফুল অৰ্থাৎ অভিনেতা নয়ন নীলিম। উল্লেখ্য যে, বিগত বৰ্ষতেই মুক্তি লাভ কৰিছিল আহিবলগীয়া “বন্ধু” ছবিখনৰ উক্ত শীৰ্ষগীতটি। মুক্তিৰ পিছতেই ই সঁহাৰি লাভ কৰিছিল যথেষ্ট সংখ্যক দৰ্শকৰ।


উল্লেখ্য যে, “বন্ধু”গ ছবিখনৰ মুক্তিৰ বাবে চলিত বৰ্ষৰ ৮ মে’ তাৰিখটোৰ কথা ভবা হৈছে যদিও ই স্পষ্ট নহয়। নয়ন নীলিমৰ সৈতে এই ছবিখনত অভিনয় কৰিছে বিবেক বৰা,জ্যোতিস্মান শৰ্মা, ইপ্সিতা,ৰাছনা(কন্নড় অভিনেত্ৰী), সিদ্ধাৰ্থ মূখাৰ্জী, পুনম, কস্তুৰী আৰু বনী দেউৰীয়ে। ছবিখনত সংলাপ ড° নয়নজ্যোতি তালুকদাৰৰ। ছবিখন প্ৰযোজনা কৰিছে অমিত জৈনে। গতিকে, আগন্তুক কেতিয়া এই ছবিখন মুক্তি লাভ কৰিব সেয়া লক্ষ্যণীয় হ’ব। বিগত দিনত ৰূপালীপৰ্দাই ছবিখনৰ বিষয়ে সোধাত অভিনেতা নয়ন নীলিমে কৈছিল যে,

দৰ্শকক গীতৰ জৰিয়তে সজাগ কৰাৰ চেষ্টা অভিনেতা নয়ন নীলিমৰঃ 2

“আমি বিগত বছৰৰ নৱেম্বৰ মাহৰ পৰা প্ৰায় প্ৰচাৰ আৰম্ভ কৰিছিলো। বিভিন্ন অনুষ্ঠান সমূহত আমি প্ৰচাৰৰ কথা ভাবিছিলো লগতে বিভিন্ন ঠাইলৈ গৈ বন্ধুৰ আড্ডা কৰিম বুলি ভাৱিছিলো। কিন্তু, যেতিয়াৰ পৰাই এইবোৰ পৰিস্থিতিৰ আৰম্ভ হ’ল তেতিয়াৰ পৰা প্ৰচাৰ বন্ধ কৰি আমি ছবিখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিলো। কাৰণ, প্ৰচাৰ নোহোৱাকৈ এখন ছবি ছবিগৃহত উলিয়াই দি লাভ নাই । প্ৰযোজকেও এতিয়া ভয় খাইছে যে যদিহে আকৌ মুক্তিৰ সময়ত বেয়া পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া দিগদাৰ হ’ব।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform